১০ হেজাৰ কোটি ডলাৰৰ সম্পত্তি ক্লাৱত প্ৰৱেশ কৰিব মুকেশ অম্বানীয়ে !

mukesh ambani fpj

১০ হেজাৰ কোটি ডলাৰ চোব মুকেশ অম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণে । যোৱা শুকুৰবাৰে ৰিলায়েন্স গোষ্ঠীৰ শ্বেয়াৰ দৰ বঢ়াত ৩৭০ কোটি ডলাৰ মুনাফা কৰে অম্বানীৰ সংস্থাই । সেয়ে এইবাৰ বিশ্বৰ ধনাঢ্যসকলৰ তালিকাত আৰু এখাপ ওপৰত উঠিল ভাৰত তথা এছিয়াৰ সৰ্বোচ্চ বিত্তশালী ব্যৱসায়ী ।

অর্থনৈতিক সংস্থা ব্লুমবার্গৰ তালিকাত সদায়েই কোটিপতিসকলৰ সম্পত্তিৰ উঠা-নমা হৈয়ে থাকে । সম্প্ৰতি বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীর্ষত আছে অমাজনৰ কর্তা জেফ বেজছ । তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ২০ হেজাৰ ৭০ কোটি ডলাৰ । এই তালিকাত দ্বাদশ স্থানত আছে অম্বানী । সম্প্ৰতি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ন হেজাৰ ২৬০ কোটি ডলাৰ । যি ভাৰতীয় মূল্যত প্রায় ছয় লক্ষ ৭৭ হেজাৰ কোটি টাকা ।

কিছুদিন পূৰ্বেই দূষণমুক্ত ব্যৱসায়ত ৬০ হেজাৰ কোটি টকা বিনিয়োগৰ সিদ্ধান্ত লৈছে মুকেশ অম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে । আগন্তুক তিনি বছৰত এই প্রকল্পৰ অধীনত গুজৰাতৰ জামনগৰত চাৰিটা গিগা ফেক্টৰি তৈয়াৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে । এই কাৰখানাবোৰত ২০৩০ৰ ভিতৰত ১০০ গিগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্যমাত্রা লোৱা হৈছে ।

Exit mobile version