কাগজ কল বন্ধৰ সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈৰ সংবাদ মেল

* কাগজ কল বন্ধৰ সন্দৰ্ভত সংবাদ মেল প্ৰদ্যুৎ বৰদলৈৰ

* ইন্দিৰা গান্ধীৰ দিনতেই অসমৰ বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল কংগ্ৰেছ চৰকাৰে। তাৰ ফলশ্ৰুতিত অসমত দুটা কাগজ কল হ’ল। কিন্তু দুৰ্ভাগ্যজনক ভাৱে বিজেপি চৰকাৰ অহাৰ পিছতেই ৰাজহুৱা খণ্ডৰ বিক্ৰীৰ প্ৰথম বলি হ’ল অসমৰ কাগজ কল দুটা ।

* কংগ্ৰেছ দলে অসমৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহক আগুৱাই নিবলৈ প্ৰণালীবদ্ধ নীতি গ্ৰহণ কৰিছিল।

* কাগজ কলৰ কৰ্মচাৰী সকলৰ জীৱন দুৰ্বিসহ হৈ পৰিছে। যোৱা ৫৮ মাহ ধৰি এটকাও লাভ কৰা নাই কল দুটাৰ কৰ্মচাৰী সকলে।

* বিজেপিয়ে নিজৰ মনে মিলা বেপাৰী, নিৰ্বাচনৰ সময়ত টকা দি সহায় কৰা বেপাৰীৰ হাতত কাগজ কল দুটাৰ সম্পত্তি সমূহ গতাই দিব বিচাৰিছে পানীৰ দামত ।

* কাগজ কল দুটাৰ কৰ্মচাৰী সকলক মৃত্যুৰ মুখলৈ ঠেলি দি বিজেপি চৰকাৰে পাষাণ হৃদয়ৰ পৰিচয় দিছে। এইয়া কোনো কাৰণতে কংগ্ৰেছে মানি নলয় ।

* অসমত শান্তি সম্প্ৰিতী অটুত আছে। কংগ্ৰেছ দলে অসমত শান্তি আনিবৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল।

* কাৰ্বি লোকসকলৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত যি সমূহ আধৰোৱা কাম আছে সেই সমূহ পূৰণ কৰিবলৈ চৰকাৰক অনুৰোধ। শেহতীয়াকৈ হোৱা কাৰ্বি চুক্তিক আদৰণি কংগ্ৰেছৰ। এনেকুৱা চুক্তি বিজেপি চৰকাৰে পূৰ্বেও কৰিছে। কিন্তু কিমান কি হৈছে জানিব পৰা নাই। যাতে চুক্তি সমূহে দিয়া প্ৰতিশ্ৰুতি সমূহ ফুটুকাৰ ফেন নহয় তাৰ প্ৰতি আহ্বান ।

* নতুনকৈ হোৱা কাৰ্বি চুক্তিখন যাতে জুমলা লৈ পৰিণত নহয় তাৰ প্ৰতি গুৰুত্ব দিবলৈও আহ্বান কাগজ কল দুটা বন্ধ কৰি দিয়াতকৈ চৰকাৰে কাগজ কল দুটা চলোৱাৰ মডেলটোৰ পৰিৱৰ্তন ঘটাব পাৰে। কাগজ কলৰ কৰ্মচাৰী সকলে ভিক্ষা বিচৰা নাই। তেওঁলোকে নিজৰ প্ৰাপ্যহে বিচাৰিছে। তেওঁলোকৰ প্ৰাপ্য সংবেদনশীলতাৰে ঘূৰাই দিয়াতো অসম চৰকাৰৰ দায়িত্ব জাগীৰোডৰ কাগজ কলৰ ক্ষেত্ৰত পীয়ূষ হাজৰিকাৰ দৰে মন্ত্ৰীৰ বহু ভূমিকা আছে। যাতে পিছ দুৱাৰেদি গৈ কোনো বেপাৰীয়ে কাগজ কলৰ সামগ্ৰী ক্ৰয় কৰিব নোৱাৰে তাৰ প্ৰতি অসমবাসীয়ে চকু দিব ।

* অখিলৰ স’তে মিত্ৰতা নিবিচাৰে প্ৰদ্যুৎ বৰদলৈয়ে ।

Exit mobile version