চৰকাৰ গঠনৰ সময়লৈ অপেক্ষা ,কোন কোন ৰাজ্যক আমন্ত্ৰণ কৰিলে তানিবানে

members agreement signing taliban delegation officials between 1c15eb58 5d5a 11ea ab89 cb4d4e6220f6

অৱশেষত দীর্ঘ যুদ্ধৰ সমাপ্তি ঘটিল। তালিবানে আফগানিস্তানৰ অন্তিম স্বাধীন প্ৰদেশ পানশ্বি উপত্যকা দখল কৰা বুলি দাবী কৰিছে আৰু তাৰ পাছত জেহাদী সংগঠনটোৱে আফগানিস্তানত চৰকাৰ গঠনৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰে ।

প্ৰায় সকলো শীৰ্ষ নেতা কাবুলত উপস্থিত হৈছে । চৰকাৰ গঠন অনুষ্ঠানত উপস্থিত থাকিবলৈ বিভিন্ন মিত্ৰ ৰাষ্ট্ৰসমূহলৈ আমন্ত্ৰণ জনাইছে ।

তালিবান সূত্ৰই জনোৱা মতে, পাকিস্তান, ৰাছিয়া, চীন, তুৰস্ক, কাটাৰ আৰু ইৰাণক চৰকাৰ গঠন অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

তালিবানৰ মুখপাত্ৰ জাহিবুল্লা মুজাহিদে সোমবাৰে কাবুলত এখন সংবাদমেল অনুষ্ঠিত কৰে । তেওঁ কয় “যুদ্ধ শেষ হৈছে” । আফগানিস্তানে এখন স্থিতিশীল চৰকাৰ গঠন কৰিব ।

আক্ৰমণকাৰীসকলে কেতিয়াও দেশখন ভাল নকৰে । দেশবাসীয়ে দেশৰ মংগল বিচাৰে । তেওঁ লগতে কয় যে, কাটাৰ, তুৰস্ক আৰু আৰৱ আমিৰাতৰ কে’বাটাও সংস্থাই কাবুল বিমানবন্দৰ সক্ৰিয় কৰাৰ বাবে কাম আৰম্ভ কৰিছে।

১৫ আগষ্টত কাবুল দখল কৰাৰ পাছত, তালিবান পানশ্বিৰত আধিপত্য বিস্তাৰ কৰিব পৰা নাছিল যদিও তেওঁলোকে ক্ৰমান্বয়ে আফগানিস্তান দখল কৰিছিল । আফগানৰ প্ৰাক্তন উপৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহ, আহমেদ মাছুদ আৰু তেওঁলোকৰ দলটোৱে দূৰৱৰ্তী পাহাৰীয়া উপত্যকাত যুঁজ অব্যাহত ৰাখিছিল । পানশ্বিৰ প্ৰদেশত তালিবানৰ স’তে যুদ্ধ অব্যাহত ৰাখে নৰ্ডাৰ্ন এলায়েন্সে ।

https://twitter.com/AsvakaNews/status/1434751990299435009?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1434751990299435009%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fzeenews.india.com%2Fbengali%2Fworld%2Fafter-panjshir-capture-taliban-finalise-afghanistan-govt-formation-invite-china-russia-pakistan_402634.html

সোমবাৰে ৰাতিপুৱা, তালিবনে দাবী কৰিছে যে তেওঁলোকে পানশ্বি উপত্যকা সম্পূৰ্ণৰূপে দখল কৰিছে । তদুপৰি তালিবানৰ পতাকাও পানশ্বিৰৰ ৰাজ্যপালৰ বাসগৃহত উৰি থকা দেখা যায় ।

জেহাদীসকলে প্ৰতিৰোধ বাহিনীৰ অন্যতম নেতা আহমেদ মাছুদৰ ঘৰটোও দখল কৰিছে । সামাজিক মাধ্যমত ইয়াৰ এখন ছবিও ভাইৰেল হৈ পৰিছে ।

Exit mobile version