শ্ৰেণীকোঠাৰ মাজত পৰ্দা, সহশিক্ষা নীতি প্ৰত্যাহাৰ কৰিবলৈ নতুন পদ্ধতি তালিবানৰ

skynews afghanistan school 5502636

পর্দা লগাই দুভাগত ভাগ কৰা হৈছে শ্ৰেণীকোঠা । এফালে বহিছে মহিলাসকল আনফালে, পুৰুষ । কাবুলৰ এখন বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ছবি সম্প্রতি সামাজিক মাধ্যমত বিয়পি পৰিছে । আফগানিস্তানৰ স্থানীয় সংবাদমাধ্যম ট’ল’ নিউজৰ সাংবাদিক তামিম হামিদে এই ছবি টুইটাৰত প’ষ্ট কৰিছে ।

যোৱা ১৫ আগষ্টত কাবুল দখলৰ পাছত তালিবান নেতৃত্ব‌ই স্পষ্টভাৱে জনাইছে, বিদ্যালয়, মহাবিদ্যালয়ত ল’ৰা-ছোৱালীয়ে একেলগে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব । মহিলাসকলে বিদ্যালয় বা মহাবিদ্যালয়ত যোৱাৰ ক্ষেত্রত কোনো বাধা নাই ।

আফগানিস্তানত এতিয়াও তালিবান চৰকাৰ গঠন হোৱা নাই যদিও সেই দেশৰ বর্তমান ভাৰপ্রাপ্ত শিক্ষামন্ত্রীয়ে কিছুদিন পূৰ্বে কাবুলৰ কিছুসংখ্যক বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু শিক্ষাৰ্থীসকলৰ স’তে বৈঠকত মিলিত হৈ জনাছিল, শ্বৰিয়তি আইন মানি শিক্ষা প্ৰদান কৰা হ’ব বিশ্ববিদ্যালয়সমূহত ।

সদ্য ভাইৰেল ছবিৰ পৰাই বুজিব পৰা যায় যে, যুৱক-যুৱতীসকলে সহশিক্ষা গ্ৰহণ কৰিব নোৱাৰিব, সেয়া নিশ্চিত কৰিবৰ বাবে শ্ৰেণীকোঠাক দুভাগত ভাগ কৰাৰ এই নতুন ব্যৱস্থা আৰম্ভ হৈছে আফগানিস্তানত । কেৱল সেয়াই নহয়, স্থানীয় সংবাদমাধ্যম সূত্রে খবৰ, মহাবিদ্যালয় ছুটিৰ সময়তো পাঁচ মিনিট আগত শ্ৰেণীকোঠাৰ পৰা ওলাই যাব লাগিব মহিলাসকল ।

কাবুল দখলৰ পৰাই হেৰাট প্রদেশত সহশিক্ষা নীতিত নিষেধাজ্ঞা জাৰি কৰিছিল স্থানীয় তালিবান নেতৃত্ব‌ই । সেই ব্যৱস্থাই এইবাৰ সমগ্ৰ দেশত আৰম্ভ হ’ব বুলি শংকা দেশৰ শিক্ষামহলৰ ।

Exit mobile version