ক’ভিড বিধি উলংঘা কৰাৰ বাবে ভিয়েটনামত এজনক পাঁচ বছৰৰ কাৰাদণ্ড

360881108 scaled e1587721038422

কৰ’না ভাইৰাছ বিয়পোৱাৰ অভিযোগত এজন ব্যক্তিক পাঁচ বছৰৰ কাৰাদণ্ড দিলে ভিয়েতনামৰ আদালতে ।

ভিয়েতনামৰ চৰকাৰী সংবাদমাধ্যমত প্রকাশিত প্ৰতিবেদন অনুসৰি, অভিযুক্তৰ নাম লে ভান ট্রাই । যোৱা সাত জুলাইত ভিয়েতনামৰ হো চি মিন চহৰৰ পৰা নিজ চহৰ কা মাউ-ত উভতে । হো চি মিন চহৰত তেতিয়া ক’ভিড সংক্রমণ অব্যাহত আছিল । লো ভান নিজেও ক’ভিডত আক্রান্ত হৈ আছিল । অভিযোগ, ঘৰত অহাৰ পাছত তেওঁ চৰকাৰৰ নির্দেশিত ২১ দিনৰ হোম-কোৱাৰেন্টাইন অমান্য কৰি চহৰৰ ৰাস্তাত ওলাইছিল ।

লে ভানৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হয় । অভিযোগ অনুসৰি, তেওঁৰ বাবেই কা মাউ-ত বহু কেইজনৰ শৰীৰত ভাইৰাছ সংক্রমিত হৈছে । এজন ব্যক্তিৰ মৃত্যুও হৈছে । গোচৰটো পিপলছ আদালতত উত্থাপন হোৱাত ন্যায়াধীশে লে ভানক পাঁচ বছৰৰ কাৰাদণ্ডৰ নির্দেশ দিয়ে ।

ক’ভিডৰ প্রথম ঢৌত সংক্রমণ সঠিকভাৱে নিয়ন্ত্রণ কৰিছিল ভিয়েতনামে । কিন্তু দ্বিতীয় ঢৌত পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰ হৈ যায় । দেশখনত এই পর্যন্ত প্রায় চিৰে পাঁচ লাখ লোক আক্রান্ত হৈছে । ১৩ হেজাৰ লোকৰ মৃত্যুও হৈছে । ৰাজধানী হেনত আৰু বাণিজ্যিক চহৰ হো চি মিনত মাৰাত্মকভাৱে সংক্রমণ বৃদ্ধি পায় । অৱশ্যে ইয়াৰ তুলনাত দেশৰ অন্যান্য প্রান্তৰ পৰিস্থিতি খুব এটা বেয়া নহয় । বিপুল সংক্রমণৰ চহৰতকৈ তুলনামূলক কম সংক্রমিত অঞ্চলত আহি চৰকাৰী নির্দেশনা ভংগ কৰাক ভাল দৃষ্টিৰে নলয় স্থানীয় লোকসকলে । তেওঁলোকে লে ভানৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ।

কেৱল লে ভানেই নহয়, দেশৰ অন্য প্রান্ততো ক’ভিড বিধি অমান্য কৰাৰ বাবে বহু লোকক কাৰাদণ্ড দিয়া হৈছে ।

Exit mobile version