কেৰালাৰ পাছত নিপাৰ সংক্রমণ ধৰা পৰিল তামিলনাড়ুত

ykorpaqtfd 1527421066

তামিলনাডুৰ কয়’ম্বৰটোৰত নিপা ভাইৰাছৰ সংক্রমণ ধৰা পৰিল। কয়’ম্বৰটোৰ জিলা প্রশাসনে এই কথা প্রকাশ কৰি জনােৱা অনুসৰি, নিপাৰ সংক্রমণ ধৰা পৰাৰ পাছতে ৰাজ্যজুৰি বিশেষ সতর্কতা অৱলম্বনৰ নিদের্শ দিয়া হৈছে।

উল্লেখ্য যে ইয়াৰ পূর্বে কেৰালাৰ কোঝিকোড়ত নিপাত আক্রান্ত এটি ১২ বছৰীয়া শিশুৰ মৃত্যু হৈছিল। মৃত শিশুজনৰ সংস্পৰ্শলৈ ১৮৮ জন লােক আহিছিল আৰু তেওঁলােকৰ স্বাস্থ্য পৰীক্ষা কৰাত দুজনৰ শৰীৰত নিপাৰ সংক্ৰমণৰ উপসর্গ ধৰা পৰে।

উল্লেখ্য যে ২০১৮ ১৯ মে’ত ভাৰতত প্রথম নিপাৰ সংক্রমণ কোঝিকোড়ত ধৰা পৰিছিল আৰু জিলাখনত ২০১৮ৰ পহিলা জুনলৈকে এই ভাইৰাছৰ সংক্ৰমণত ১৭ জন লােকৰ মৃত্যু হৈছিল।

Exit mobile version