তালিবান দখলৰ পাছত আফগানিস্তানত ছয় লাখ লোক হ’ল গৃহহাৰা

79E6E0E8 46A0 405D AABB 2297409DAFD0

তালিবানৰ আফগানিস্তান দখলৰ পাছত দেশখনৰ পৰিস্থিতি ক্রমে অধিক জটিল হ’বলৈ ধৰিছে। ৰাষ্ট্ৰসংঘৰ শৰণার্থী এজেন্সীয়ে আফগানিস্তানৰ সাম্প্রতিক পৰিস্থিতিত চৰম উদ্বেগ প্রকাশ কৰি জনােৱা অনুসৰি, চলিত বৰ্ষত বর্তমানলৈকে আফগানিস্তানত কমেও ছয় লাখ লােক গৃহহাৰা হ’ল।

গৃহযুদ্ধ বিধ্বস্ত প্রায় দেশখনৰ পৰা বৃহৎসংখ্যক নাগৰিকে প্রাণৰ মমতাত পলায়ন কৰি আন ৰাষ্ট্ৰত আশ্রয় ল’বলৈ বাধ্য হৈছে। নিৰন্তৰ বােমাবর্ষণৰ ঘটনাটো নিজৰ বাসগৃহ হেৰুৱাব লগা হৈছে আফগানিস্তানৰ লাখ লাখ নাগৰিকে। ৰাষ্ট্ৰসংঘৰ শৰণার্থী এজেন্সীয়ে প্রকাশ কৰা অনুসৰি,আফগানিস্তানবাসী সম্প্রতি ভয়াৱহ সংকটৰ মাজত আছে আৰু এইসকল যুদ্ধবিধ্বস্ত নাগৰিকক সভ্য বিশ্বৰ তৎকালীন সহায়ৰ প্রয়ােজন হৈছে।

তালিবানৰ পুনৰ উত্থানৰ পাছত আফগানিস্তানত সকলাে দিশতে চৰম অনিশ্চয়তাই বিৰাজ কৰিছে। আফগানিস্তানক এই পৰিস্থিতিত সর্বতােপ্ৰকাৰৰ সহায়-সহযােগিতা আগবঢ়াবলৈ ৰাষ্ট্ৰসংঘই বিশ্বৰ সকলাে দেশকে আহ্বান জনাইছে। বিশেষকৈ বিত্তীয় সাহায্য প্রদানৰ ক্ষেত্ৰত বিশ্বৰ প্রতিখন দেশকে আগবাঢ়ি আহিবলৈ ৰাষ্ট্ৰসংঘই অনুৰােধ জনাইছে।

ৰাষ্ট্ৰসংঘৰ শৰণার্থী এজেন্সীৰ মুখপাত্র বাবৰ বলুচে কয় যে আফগানিস্তানত সম্প্রতি গৃহহাৰা লােকৰ সমস্যাটোৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। চলিত বর্ষতে দেশখনৰ ছয় লাখৰাে অধিক নাগৰিকে ঘৰবাৰী সকলাে হেৰুৱাব লগা হ’ল আৰু এইসকল আশ্রয়হীন লােকে এতিয়া ভয়াৱহ জীৱন যন্ত্রণাৰ সন্মুখীন হৈছে।

দেশখনত গৃহহাৰা হােৱা লােকসকলৰ মাজত ৮০ শতাংশই হৈছে মহিলা আৰু শিশু। চৰম সংকটৰ সন্মুখীন হােৱা আফগানিস্তানত এই মুহূর্তত বিশ্ববাসীৰ সহায়-সহযােগিতাৰ অতিকে প্রয়ােজন হৈছে আৰু এই ক্ষেত্ৰত বিশ্বৰ আঢ্যৱন্ত দেশসমূহে আফগানিস্তানৰ পুনৰ নিৰ্মাণত সহযােগিতা আগবঢ়োৱা উচিত বুলি বলুচে মত প্রকাশ কৰে। বলুচে লগতে কয় যে ইয়াৰ পূর্বে কাহানিও পাকিস্তান আৰু ইৰানৰ স’তে থকা আফগানিস্তানৰ সীমান্তত ইমান বৃহৎসংখ্যক লােকৰ ভিৰ প্রত্যক্ষ হােৱা নাছিল। এইসকল লােকে এতিয়া আফগানিস্তান ত্যাগ কৰি ইৰান অথবা পাকিস্তানত প্ৰৱেশৰ সুযােগৰ অপেক্ষাত আছে।

Exit mobile version