প্ৰাক্তন ৰাজ্যপালৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ

Aziz Qureshi

বিজেপিৰ এজন নেতাৰ অভিযোগৰ ভিত্তিত উত্তৰপ্রদেশৰ প্রাক্তন ৰাজ্যপাল আজিজ কুৰেশ্বিৰ বিৰুদ্ধে ৰাষ্ট্রদ্রোহৰ গোচৰ তৰিলে যোগী চৰকাৰে । সমাজবাদী পার্টিৰ নেতা আজম খানৰ বাসগৃহত গৈ উত্তৰপ্রদেশৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে মাত মাতিছিল কুৰেশ্বিয়ে । ইয়াৰ পাছতেই কালি নিশা তেওঁৰ বিৰুদ্ধে ৰাষ্ট্রদ্রোহসহ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হয় ।

৮১ বছৰীয়া কংগ্রেছ নেতা আজিজ কুৰেশ্বি ২০১৪ৰ পৰা ২০১৫ পর্যন্ত মিজোৰামৰ ৰাজ্যপাল আছিল । সেই সময়ত তেওঁ কিছুদিনৰ বাবে উত্তৰপ্রদেশৰো ৰাজ্যপালৰ দায়িত্ব বহন কৰিছিল । যোৱা শনিবাৰে সমাজবাদী পার্টীৰ নেতা আ‌জম খানৰ বাসগৃহত গৈ কুৰেশ্বিয়ে সাংবাদিকৰ আগত যোগী চৰকাৰৰ বিৰুদ্ধে কোৱাৰ পাছতে বিতর্কৰ সৃষ্টি হয় ।

বিজেপি নেতা আকাশকুমাৰ ছক্সেনাই কালি ৰামপুৰৰ চিভিল লাইনছ থানাত অভিযোগ কৰিছে, সমাজবাদী পার্টীৰ নেতাৰ পত্নীৰ স’তে আলোচনা কৰাৰ পাছত সাংবাদিকসকলৰ স’তে কথা পাতিছিল কুৰেশ্বিয়ে । সেই সময়ত তেওঁ যোগী চৰকাৰক তেজখোৱা দস্যুৰ স’তে তুলনা কৰিছিল । বিজেপিৰ সেই নেতাজনৰ দাবী, ইয়াৰ ফলত কেৱল উত্তৰপ্রদেশ চৰকাৰৰ অমর্যাদাই নহয়, প্রাক্তন ৰাজ্যপালৰ বিবৃতিয়ে সাম্প্রদায়িক উত্তেজনাৰ সৃষ্টি কৰিব পাৰে আৰু সমাজত অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে । বিভিন্ন চেনেলত সম্প্রচাৰ হোৱা কুৰিশ্বিৰ এই মন্তব্য এটা পেন ড্রাইভত লৈ আৰক্ষীৰ হাতত জমা দিছে বিজেপি নেতাজনে ।

আৰক্ষীৰ শীর্ষস্থানীয় বিষয়াই জনায়, এই অভিযোগৰ পাছতেই কুৰেশ্বিৰ বিৰুদ্ধে ধর্মৰ নাম কৰি দুই সম্প্রদায়ৰ মাজত উত্তেজনা সৃষ্টিৰ চেষ্টা, জনগণৰ মাজত ভীতি সৃষ্টিৰ চেষ্টা আৰু ৰাষ্ট্রদ্রোহৰ অভিযোগত এফআইআৰ দাখিল কৰা হৈছে । ৰামপুৰৰ অতিৰিক্ত আৰক্ষী ছুপাৰ সংসাৰ সিঙে জনায়, বিজেপি নেতা আকাশ ছক্সেনাৰ অভিযোগৰ ভিত্তিত প্রাথমিক তদন্ত কৰিছে আৰক্ষীয়ে । তাৰ পাছতেই বিভিন্ন ধাৰাত এফআইআৰ দাখিল কৰা হৈছে ।

Exit mobile version