লক্ষ্য পূৰণত চূড়ান্ত ব্যৰ্থ অনলাইন শিক্ষা

অসমসহ ১৫ ৰাজ্যত বিস্তৃত অধ্যয়নত প্ৰকাশ

thomas park 6MePtA9EVDA unsplash 1

কৰ’না কালত বিগত ডেৰ বছৰ ধৰি দেশত বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ । শেহতীয়াভাৱে একাংশ ৰাজ্যত শিক্ষানুষ্ঠানৰ দুৱাৰ শিক্ষাৰ্থীৰ বাবে পুনৰ মুকলি কৰা হৈছে । ক’ভিড কালত বিগত ডেৰ বছৰে অধ্যয়নৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি শিক্ষকলৈ সকলোৰে একমাত্ৰ ভৰসা হৈছে অনলাইন শিক্ষা ; কিন্তু এই অনলাইন শিক্ষা আহৰণ প্ৰক্ৰিয়া ব্যয়বহুল । একেদৰে অনলাইনত শিক্ষা গ্ৰহণৰ বাবে যি স্মাৰ্টফোন অথবা লেপটপৰ প্ৰয়োজন হয় সেয়া ক্ৰয় কৰিবলৈ দেশৰ বহু লোকৰ বিত্তীয় সামৰ্থ নাই । তদুপৰি দীৰ্ঘদিনৰ তলাবন্ধৰ ফলত দেশৰ লাখ লাখ লোকে নিজৰ জীৱিকাৰ পথ হেৰুৱালে । এনে পৰিস্থিতিত দেশৰ বহু পৰিয়ালৰে ছাত্ৰ-ছাত্ৰীয়ে ক’ভিড কালত অনলাইন শিক্ষা আহৰণৰ ক্ষেত্ৰত এশ-এবুৰি সমস্যাৰ সন্মুখীন হৈছে ।

সম্প্ৰতি চলোৱা এটা সমীক্ষাত লাভ কৰা তথ্য অনুসৰি, তলাবন্ধৰ ফলতে দেশৰ বহু ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন সম্পূৰ্ণৰূপে ব্যাহত হৈছে । দেশৰ ১৫খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ অভাৱগ্ৰস্ত পৰিয়ালৰ ১,৩৬২ ছাত্ৰ-ছাত্ৰীক সামৰি এই সমীক্ষাটো চলোৱা হৈছিল । সমীক্ষাৰ ফলাফলত স্পষ্ট হ’ল যে কৰ’না কালত দেশৰ ছাত্ৰ-ছাত্ৰীসকল অধ্যয়নৰ পৰা এক প্ৰকাৰ বঞ্চিত হৈছে । সমীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি দেশৰ গ্ৰামাঞ্চলৰ প্ৰায় ৩৭ শতাংশ ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা তলাবন্ধৰ ফলত বন্ধ হ’ল ।

যোৱা আগষ্টত দেশৰ ১৫ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ‘দ্য স্কুল চিলড্ৰেন্স অনলাইন এণ্ড অনলাইন লাৰ্ণিং’ (স্কুল) নামৰে এই সমীক্ষাটো চলোৱা হৈছিল । অসম, বিহাৰ, দিল্লী, গুজৰাট, পশ্চিমবংগ, কৰ্ণাটকসহ কে’বাখনো ৰাজ্যত চলোৱা এই সমীক্ষাৰ প্ৰতিবেদন যুগুত কৰিলে অৰ্থনীতিবিদ জাঁ ড্ৰেজ আৰু ৰিত্তিকা খেৰাৰ নেতৃত্বাধীন এটি দলে । গ্ৰামাঞ্চলত ৩৭ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে ক’ভিড কালত অনলাইন পাঠ গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে চহৰাঞ্চলত যথেষ্টসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিগত ডেৰ বছৰত কৰ’না পৰিপ্ৰেক্ষিতত অধ্যয়নৰ পৰা বঞ্চিত হৈছে বুলি এই সমীক্ষাত দাবী কৰা হৈছে ।

একেদৰে স্কুল সমীক্ষাৰ তথ্য অনুসৰি দেশৰ মাত্ৰ চাৰি শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে অনলাইনত নিয়মীয়াভাৱে অধ্যয়নৰ সুযোগ লাভ কৰিছে । গ্ৰামীণ অঞ্চলৰ পৰিস্থিতি আৰু ভয়াৱহ । দেশৰ গ্ৰামাঞ্চলৰ প্ৰায় ৪৮ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে এই সমীক্ষাৰ সময়ত প্ৰকাশ কৰা অনুসৰি, তেওঁলোকে কিছুসংখ্যক শব্দৰ বাহিৰে আন একো অধ্যয়ন কৰিবলৈ সুযোগ লাভ কৰা নাই ।

অনলাইন পদ্ধতিৰে অধ্যয়ন কিমান লাভজনক তাক লৈ আৰম্ভণিৰে পৰা প্ৰশ্ন উত্থাপিত হৈ আহিছে । এই সমীক্ষাত ৬৫ শতাংশ অভিভাৱকে অভিযোগ কৰা অনুসৰি অনলাইন ক্লাছৰ জৰিয়তে অধ্যয়ন কৰাৰ পাছৰে পৰা তেওঁলোকৰ সন্তানৰ লিখা আৰু পঢ়াৰ ক্ষমতা দিনে দিনে হ্ৰাস পাবলৈ ধৰিছে । সবাতোকৈ শোচনীয় অৱস্থা হৈছে অনুসূচিত জাতি আৰু জনজাতিৰ গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ । এইসকল ছাত্ৰ-ছাত্ৰীৰ মাত্ৰ চাৰি শতাংশ‌ইহে অনলাইনৰ জৰিয়তে ক’ভিড কালত নিয়মীয়াভাৱে অধ্যয়নৰ সুবিধা লাভ কৰিছে । মূলতঃ অভাৱগ্ৰস্ত অঞ্চল আৰু বস্তি অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক সামৰি এই সমীক্ষা সম্পন্ন কৰা হৈছিল ।

উল্লেখ্য যে এইসকল ছাত্ৰ-ছাত্ৰীৰ সৰহসংখ্যকে চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি আহিছে । স্মাৰ্টফোন থাকিলেও নিয়মিতভাৱে চহৰাঞ্চলত ৩১ শতাংশ আৰু গ্ৰামীণ অঞ্চলত ১৫ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে অনলাইন শিক্ষা গ্ৰহণ কৰিছিল । এই সমীক্ষাত অধিকাংশ অভিভাৱকে বিদ্যালয়ৰ দুৱাৰ সোনকালে মুকলি কৰাটো উচিত বিচাৰিলে ।

অধ্যয়নৰ পৰিৱেশ ঘূৰাই আনিবলৈ হ’লে অতি শীঘ্ৰে প্ৰাথমিক পৰ্যায়ৰ পৰা বিদ্যালয়সমূহ পুনৰ মুকলি কৰা উচিত বুলি সমীক্ষাত অংশ লোৱা গৰিষ্ঠসংখ্যক অভিভাৱকে মত প্ৰকাশ কৰে । স্কুল সমীক্ষাই প্ৰমাণ কৰিলে যে কৰ’না কালত দেশত অনলাইন শিক্ষা সম্পূৰ্ণৰূপে ব্যৰ্থ হ’ল । বিশেষকৈ চহৰত অনলাইন মাধ্যমৰে কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিবলৈ সফল হ’লেও দেশয় গ্ৰামাঞ্চলত চূড়ান্তভাৱে ব্যৰ্থ হ’ল অনলাইন শিক্ষা পদ্ধতি ।

Exit mobile version