ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত ওদালগুৰিত প্ৰাক্তন এনডিএফবিৰ প্ৰতিবাদ

WhatsApp Image 2021 09 08 at 2.04.50 PM

পুনৰ প্ৰতিবাদত উত্তাল হ’ল বড়োভূমি। অঞ্চলটোত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত বিগত ডেৰ বছৰ পূৰ্ৱে সম্পাদিত হোৱা বিটিআৰ শান্তি চুক্তিৰ পাছত প্ৰথমবাৰৰ বাবে আজি আন্দোলনত কপি উঠিত বিটিআৰৰ ওদালগুৰি জিলা ।

শান্তি চুক্তি স্বাক্ষৰকাৰী এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে প্ৰাক্তন এনডিএফবি সদস্যসকলে।

ওদালগুৰি চহৰৰ নলবাৰী খেলপথাৰত দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত কে’বাটাও দল-সংগঠনে সমৰ্থন আগবঢ়ায়। প্ৰতিবাদী কাৰ্যসূচীটোত উপস্থিত থাকি ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলি দৈমাৰীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

শান্তিৰ স্বাৰ্থত চুক্তি স্বাক্ষৰ কৰিবলৈ কাৰাগাৰৰ পৰা মুকলি কৰি পুনৰ চুক্তি স্বাক্ষৰৰ পাছত কাৰাগাৰত নিক্ষেপ কৰাত অঞ্চলটোলৈ শান্তি ঘুৰি নাহে বুলি উল্লেখ কৰে।

ইফালে দৈমাৰীক চিৰাংস্থিত বড়োলেণ্ড গেষ্ট হাউচত অস্থায়ী কাৰাগাৰ নিৰ্মাণ কৰি ৰাখিব বিচৰা কাৰ্যকো বিৰোধীতা কৰে অঞ্জলি দৈমাৰীয়ে।

তেওঁ কয় যদিহে ৰঞ্জন দৈমাৰীক কাৰাগাৰত ৰাখিব বিচাৰিছে, তেন্তে কাৰাগাৰতেই ৰাখক। মিছাতেই মুকলিৰ নামত এঠাইৰ পৰা আনঠাইলৈ অস্থায়ী কাৰাগাৰ সাজি স্থানান্তৰ কৰাৰ কোনো প্ৰয়োজন নাই।

ইফালে প্ৰতিবাদী কাৰ্যসূচীতো ৰূপায়ন কৰা প্ৰাক্তন এনডিএফবিৰ নেতৃত্ব‌ই ক্ষোভেৰে প্ৰকাশ কৰি কয়, যদিহে এই কাৰ্যসূচীৰ পাছতো চৰকাৰৰ গা নলৰে তেন্তে আগন্তুক দিনত অনিৰ্দিষ্টকালীন বিটিএডি বন্ধৰ হুংকাৰ প্ৰদান কৰে।

Exit mobile version