ৰানা ডগ্গুবতীক ইডি-ৰ চমন

rana

বাস্তৱতো খলনায়ক ৰানা ডগ্গুবতী । বুধবাৰে এনফ’র্ছমেন্ট ডিৰেক্টৰেট (ইডি) দফতৰত মাতিলে তেলুগু ছবিৰ জনপ্রিয় অভিনেতাজনক । তেওঁ ২০১৭ৰ মাদক আৰু অর্থ কেলেংকাৰী গোচৰত জড়িত, এই অভিযোগত অভিযুক্ত ৰানা । সেই ঘটনাৰ বাবেই ‘বাহুবলী’ৰ খলনায়কক মতা হৈছে বুলি জনায় বলিউড সংবাদমাধ্যমে ।

কেৱল ৰানাই নহয়, তেওঁৰ স’তে আৰু ১০ অভিনেতা-পৰিচালকে ইডি দফতৰত চমন পাইছে । ইয়াৰ আগতে ৩১ আগষ্ট কেন্দ্রীয় সংস্থাত হাজিৰ দিছিল জনপ্রিয় পৰিচালক পুৰী জগন্নাথ, অভিনেতা চার্মি কৌৰ, ৰাকুল প্রীত সিং, নন্দুসহ বহুজনে ।

২০১৭ৰ দুই জুলাইত তেলেংগানাৰ আবকাৰী বিভাগ এলএছডি, এমডিএমৰ দৰে মাদকদ্রব্য বিক্রীৰ অভিযোগত কেলভিন মাছক্রেনহাছ, এজন বাদকসহ তিন সদস্যৰ এটা দলক গ্রেপ্তাতাৰ কৰে । তেওঁলোক এটা মাদক দ্ৰব্য সৰবৰাহকাৰী দলৰ স’তে জড়িত আছিল । ইয়াৰ পাছতেই মাদক সৰবৰাহ সম্পর্কিত বহু কেইটা গোচৰ নথিভুক্ত হয় ইডিৰ দফতৰত । গ্রেপ্তাৰ কৰা হয় ২০ জনৰো অধিক অভিযুক্তক ।

সূত্ৰ অনুসৰি, এই চক্রৰ গ্রাহক আছিল চহৰৰ বিভিন্ন স্কুল-কলেজৰ শিক্ষার্থী, তেলুগু ছবি জগতৰ স’তে জড়িত বহু বিশিষ্ট আৰু ছাইবাৰাবাদৰ আইটি ফার্মৰ কর্মীসহ প্রায় হেজাৰজন । মাদক চক্রৰ সন্ধান পোৱাৰ পাছত তেলেংগানাৰ আবকাৰী বিভাগৰ এটা বিশেষ তদন্তকাৰী দল তেলুগু ইণ্ডাষ্ট্ৰীৰ স’তে জড়িত ১১ জন অভিনেতা, পৰিচালকক সোধ-পোচ কৰিছিল । তদন্তকাৰী বিষয়াই এজন অভিনেতাৰ চুলি আৰু নখৰ নমুনাও সংগ্রহ কৰিছিল । যদিও ৰানা ডগ্গুবতী ৰেহাই পাইছিল ।

Exit mobile version