দুৰ্ঘটনাৰ পাছত তৎপৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগ

গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীৰ যাত্ৰীক পিন্ধালে লাইফজেকেট

বুধবাৰে যোৰহাট নিমাতীঘাটত ফেৰী-নাওৰ সংঘৰ্ষৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছত হঠাৎ আজি গুৱাহাটীৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ গুৱাহাটী-উত্তৰ গুৱাহাটী জাহাজঘাটত দেখা গ’ল বিভাগীয় তৎপৰতা । পুৱাৰে পৰা ঘাটত দেখা গ’ল বিভাগীয় ব্যস্ততা । যাত্ৰীৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি হঠাৎ যেন দায়িত্ব বৃদ্ধি পালে বিভাগৰ । যাত্ৰীৰ বাবে বহুদিন বিৰতিৰ পিছত আজি ষ্ট’ৰৰুম খুলি কৰ্মচাৰীয়ে উলিয়াই আনে নতুন লাইফ জেকেট । উল্লেখ্য, কোভিডৰ বাবে প্ৰায় তিনিমান ধৰি বন্ধ হৈ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা ।

আন্তঃজিলা যাতায়ত ব্যৱস্থা মুকলি হোৱাৰ পিছতেই ৬ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেয়াও পুনৰ আৰম্ভ হয় । বৰ্তমান এই ঘাটটোৰ পৰা চাৰিখন ফেৰী চলাচল কৰি আছে । আৰ পি এল বৰলীয়া আৰু এম ভি মেলভিন জ’নছ নামৰ দুখন ফেৰী গুৱাহাটী-মধ্যমখণ্ডৰ মাজত চলাচল কৰি থকাৰ লগতে বুঢ়াদিয়া আৰু নামবৰ নামৰ ফেৰী দুখন গুৱাহাটী-ৰজাদুৱাৰৰ মাজত চলাচল কৰি আছে ।

পুৱা সাত বজাৰ পৰা নিশা আঠ বজালৈ মুঠ তেৰটাকৈ ট্ৰিপ সম্পূৰ্ণ কৰে ফেৰী কেইখনে । ঘাটত থকা বিভাগীয় শাখা সহায়কে জানিবলৈ দিয়া অনুসৰি প্ৰতিখন জাহাজত ৮০-১০০ খন আসন থকাৰ লগতে যাত্ৰীৰ জীৱন ৰক্ষাকাৰী সা-সঁজুলি মজুত আছে । কিন্তু ইয়াৰ বিপৰীতে আজি অধিকাংশ যাত্ৰীয়ে পৰ্যাপ্ত পৰিমাণৰ লাইফ জেকেট মজুত নথকাৰ অভিযোগ উত্থাপন কৰে । যাত্ৰী সকলে আভ্যন্তৰীণ জল পৰিবহণ বিভাগক এটা অকৰ্মণ্য বিভাগ বুলি অভিহিত কৰি চুৰ যোৱাৰ পিছত যিদৰে বুদ্ধি ওলাই তেনেদৰেই বিভাগটোৱে দুৰ্ঘটনা সংঘটিত হ’লেহে সাৰ পাই বুলি অভিযোগ উত্থাপন কৰে । নিমাটিঘাটৰ এই ঘটনাৰ বাবেই আজি যাত্ৰীক এইদৰে লাইফ জেকেট পিন্ধোৱাৰ এখন নাটক ৰচনা কৰিছে বুলিও তেওঁলোকে মন্তব্য কৰে ।

উল্লেখ্য , ২০১৮ চনত গুৱাহাটীত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ পাছৰে পৰা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে নাও চলাচলৰ অনুমতি প্ৰদান কৰা নাই । কিন্তু ইয়াৰ পিছতো আজিও লেছিয়ে লুইতৰ বুকুত অতি বিপদজনক ভাবে চলাই আছে এটা ইঞ্জিনযুক্ত নাও । কিন্ত এই ক্ষেত্ৰত বিভাগৰ কোনো ভ্ৰূক্ষেপ নাই । জল পৰিবহনৰ গাইডলাইন উলংঘা কৰি জীৱন ৰক্ষাকাৰী সা-সঁজুলি মজুত নৰখাকৈ জৰাজীৰ্ণ নাওৰে লেছিয়ে জনসাধাৰণৰ জীৱনৰ সৈতে হেতালি খেলি গৈছে ।

কিন্তু এনেবোৰ বিসংগতিৰ পিছতো কেনেকৈ এইসকলে বিভাগৰ পৰা অনুমতি লাভ কৰে । এক বিশ্বস্ত বিভাগীয় সূত্ৰ অনুসৰি ২০১৮ চনত সংঘটিত হোৱা নাওখন জৰাজীৰ্ণ আছিল । নাওখন ভগা আছিল যদিও তেওঁলোকক সেইখনৰ বাবে ফিটনেছ প্ৰদান কৰিছিল । যাত্ৰী নিয়াৰ বাবে অনুমতি দিছিল । বিভাগৰ ভুলৰ বাবেই তিনিজনকৈ যাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হৈছিল ।

Exit mobile version