ফাৰ্ষ্ট লেডী জিল বাইডেনে পুনৰ আৰম্ভ কৰিলে অধ্যাপনা

AFP 97722V 1617800888816 1626184605485

আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বাইডেনে তেওঁৰ পূৰ্বৰ কৰ্মক্ষেত্ৰলৈ প্ৰত্যাৱৰ্তন কৰিলে । মঙলবাৰে জিলে নৰ্ডাৰ্ণ ভাৰ্জিনিয়া কমিউনিটী কলেজত পুনৰ ছাত্ৰ-ছাত্ৰীক পাঠদান আৰম্ভ কৰে ।

উল্লেখ্য যে বিগত ছেমিষ্টাৰত জীলে অনলাইনৰ জৰিয়তে পাঠদান কৰিছিল ।জীলে ২০০৯ৰ পৰা উক্ত মহাবিদ্যালয়খনত অধ্যাপনা কৰি আহিছে। মার্কিন ৰাষ্ট্ৰপতিৰ পত্নী হােৱাৰ পাছতাে এইদৰে চাকৰি কৰা প্ৰথমগৰাকী ‘ফার্স্ট লেডী’ হিচাপে পৰিচিত হ’ল জীল।

নিজৰ কর্মক্ষেত্রলৈ প্রত্যাৱর্তনৰ সন্দৰ্ভত মন্তব্য কৰি বুধবাৰে জ’ বাইডেন পত্নী জীলে কয়, ‘ কিছুমান ঘটনা আমি সলনি কৰিব নােৱাৰাে আৰু এতিয়া মই শ্ৰেণীকোঠালৈ উভতি যােৱাৰ বাবে অপেক্ষা কৰিব নােৱাৰাে।

বিগত প্রায় ডেৰ বছৰ ক’ভিডৰ ফলত আমি অনলাইনৰে শিক্ষাদান অব্যাহত ৰাখিছিলাে। এতিয়া আমি শ্রেণীকোঠাত শিক্ষাদান কৰিম।’

Exit mobile version