বাগসাৰ আঠিয়াবাৰীত লোক নিৰ্মাণ আঁচনিৰ পথ নিৰ্মাণত অনিয়ম, ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ লিখিত অভিযোগ দাখিল

উৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশত বন্ধ হ’ল পথ নিৰ্মাণৰ কাম

বাগসাৰ শালবাৰীত লোক নিৰ্মাণ বিভাগৰ এছ‌অ’পিডি আঁচনিৰ পথ নিৰ্মাণত অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ শালবাৰীৰ গোৱৰ্ধনা উন্নয়ন খণ্ডৰ অন্তৰ্গত আঠিয়াবাৰী গাঁৱৰ গৌৰাঙ্গ হৰেৰ ঘৰৰ পৰা দিবা পালৰ ঘৰলৈ যোৱা জৰাজীৰ্ণ পথছোৱা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু বিটিআৰ চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰাৰ পাছতে ঠিকাদাৰ বিনয় কুমাৰ সৰকাৰৰ নেতৃত্বত চলিছিল পথছোৱা নিৰ্মাণৰ কাম ৷

কিন্তু উক্ত পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰা বুলি ৰাইজে অভিযোগ তুলি অঞ্চলটোৰ ৰাইজে পদপথতেই ঠিকাদাৰ বিনয় কুমাৰ সৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ গড়কাপ্তানি বিভাগ মুৰ্দাবাদ, ঠিকাদাৰ বিনয় কুমাৰ সৰকাৰ মুৰ্দাবাদ, পথৰ কাম ভালকৈ কৰক, আমাক পথ লাগিবই আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

ৰাইজৰ অভিযোগ, বাৰিষাৰ পূৰ্বে পথছোৱা নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও সেয়া অতি নিম্নমানৰ কামহে হৈছিল ৷ প্ৰয়োজনতকৈ কম শিল-বালি ব্যৱহাৰ কৰাৰ লগতে খালী মাটিৰ ওপৰত ইটা গাঁঠি আৰু পকী কৰি ৰুলাৰ নামাৰি, পানী নামাৰি কাম কৰাৰ বাবে পথছোৱাৰ কাষৰ মাটি খহি যায় ৷

এই বিষয়ে ৰাইজে ঠিকাদাৰক অৱগত কৰা স্বত্বেও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত অৱশেষত ৰাইজে বাগসাৰ মুছলপুৰস্থ গড়কাপ্তানি বিভাগৰ মুখ্য অভিযন্তাক এক লিখিত অভিযোগ দাখিল কৰে ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত বিভাগীয় কৰ্তৃপক্ষই পথছোৱা নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ বাধ্য হয় আৰু ৰাইজে বিচৰা ধৰণে কাম কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

Exit mobile version