সমাগত দূর্গোৎসৱ মৃৎ শিল্পীসকলৰ মাজত পূৰ্বৰ দৰে নাই ব‍্যস্ততা

ক’ভিড-১৯ পৰিৱেশৰ বাবে সমাগত শাৰদীয় দূৰ্গা পূজাৰ নাই আনন্দ-উল্লাস ।পূজালৈ মাত্ৰ এমাহ বাকী আছে যদিও এতিয়ালৈকে এটাও দুৰ্গা দেৱীৰ অৰ্ডাৰ নাপাই অনিশ্চয়তাত ভূগিছে ৰাজ্যৰ মৃত শিল্পী সকলৰ সমান্তৰালকৈ কৈ গোসাইগাৱৰ মৃত শিল্পী সকল।

নিৰ্মাণৰ প্ৰস্তুতিত শিল্পী সকলৰ মাজত নাই পূৰ্বৰ দৰে ব্যস্ততা । গোসাইগাওঁ মহকুমাৰ ভাওৰাগুৰীৰ অতি পুৰণি মূৰ্ত্তিকাৰ দুলাল পালে এতিয়ালৈ পোৱা নাই এটাউ দূর্গা প্ৰতিমাৰ অৰ্ডাৰ।

যিহেতু দেৱী দুৰ্গাৰ আৰাধনা পূজালৈ মাজত মাথো এমাহ বাকী এতিয়ালৈ কোনো পূজা কমিটিয়ে দূর্গা প্ৰতিমাৰ এতিয়ালৈ অৰ্ডাৰ দিয়া নাই ।

আনহাতে এইবাৰ ক’ভিড-১৯ পৰিৱেশৰ বাবে ৰাজ্যত মা দুৰ্গাৰ লগতে অন্যান্য দেৱ-দেৱীৰ পূজা সমূহ পূৰ্বৰ দৰে অনুষ্ঠিত নোহোৱা বাবে চৰম বিপদত পৰিছে গোসাইগাঁৱৰ ভাওৰাগুৰীৰ মৃৎ শিল্পী সকল।

পূৰ্বে তলাবন্ধ একপ্ৰকাৰ জুৰুলা কৰা মৃৎ শিল্পী সকলে বৰ্তমান পৰ্যন্ত কোনো দেৱ-দেৱীৰ মূৰ্তি নিৰ্মাণৰ অৰ্ডাৰ লাভ নকৰাত হতাশাত ভূগিছে ৷

মৃৎ শিল্পকেই উপাৰ্জনৰ পথস্বৰূপে বাছি লৈ পৰিয়াল পোহপাল দিয়া শিল্পী সকলৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ । পৰিয়াল পোহ-পাল দিয়াৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে মৃৎ শিল্পী সকলে ।

Exit mobile version