১১ ছেপ্টেম্বৰত ভাৰত-অষ্ট্ৰেলিয়াৰ ‘টু প্লাছ টু’ বৈঠক অনুষ্ঠিত হ’ব

India and Australia Flags

ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত অহা ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগা ‘টু প্লাছ টু’ মন্ত্রী পর্যায়ৰ বৈঠকত প্ৰতিৰক্ষা আৰু নিৰাপত্তা বিষয়ত উভয় দেশে আলােচনা কৰাৰ সম্ভাৱনা আছে।

সূত্ৰৰ খবৰ অনুসৰি, ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে অষ্ট্রেলিয়াৰ বৈদেশিক মন্ত্রী মাৰিছ পায়নে আৰু প্ৰতিৰক্ষামন্ত্রী পিটাৰ ডটনৰ স’তে বৈঠকত অংশ ল’ব।

তালিবানে আফগানিস্তান দখল কৰাৰ পাছত আফগানিস্তান প্রসংগতাে ভাৰত-অষ্ট্রেলিয়াই এই বৈঠকত আলােচনা কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে এই বৈঠকত অংশ ল’বলৈ অষ্ট্রেলিয়াৰ দুই জ্যেষ্ঠ মন্ত্রী ভাৰতলৈ আহিব।

Exit mobile version