Assam Boat Accident:নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ নিমাতীঘাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

12674802 f2a1 4a3b b26b 4ae63aabeb7b

নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ নিমাতীঘাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।ঘটনাস্থলীত উপস্থিত হৈ মেচিন নাৱত উঠি ঘটনাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে নাওখনত ৯০ গৰাকী যাত্ৰী আছিল ।ইয়াৰে এগৰাকী যুৱতীৰ দুৰ্ঘটনাটোত মৃত্যু হয় আৰু দুজন লোক সন্ধানহীন হৈ আছে।

তদন্ত প্ৰক্ৰিয়া চলি আছে, গধূলিলৈ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হ’ব। ইতিমধ্যে জল পৰিবহণ বিভাগে তিনিজনক নিলম্বন কৰিছে। আজিৰে পৰা নিমাতী-মাজুলীত একক ইঞ্জিন ফেৰী বন্ধ কৰিলে মুখ্যমন্ত্ৰীয়ে ।

দুৰ্ঘটনাত নিহতক পৰিয়ালৰ স’তে আলোচনা কৰি উপযুক্ত ক্ষতিপূৰণ দিয়া হ’ব, তেওঁলোকৰ স’তে অসম চৰকাৰ আছে। এতিয়াৰে পৰা নিমাতীঘাটত ছয়খন চৰকাৰী ফেৰী চলিব।

নৱেম্বৰৰ পৰা আৰম্ভ হ’ব নিমাতী আৰু মাজুলী সংযোগী দলঙৰ নিৰ্মান কাৰ্য। চাৰিবছৰত সম্পূৰ্ন হৈ উঠিব এই দলং ।নাও দুৰ্ঘটনাৰ বুজ লবলৈ গৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ।

Exit mobile version