কাবুলত সাংবাদিকক বন্দী কৰি অকথ্য নিৰ্যাতন তালিবানৰ

PRC 198744544

নতুনকৈ আফগানিস্তান দখল কৰাৰ পাছত তালিবানে পুনৰ পূৰ্বৰ বৰ্বৰ চৰিত্র প্রদর্শন কৰিবলৈ ধৰিছে। যােৱা মঙলবাৰে কাবুলত পাকিস্তান বিৰােধী এক সমদল ওলাইছিল আৰু এই সমদলক গুলিবর্ষণৰে তালিবানে বাধা দিছিল।

ADVERTISEMENT

এই বিক্ষোভৰ বাতৰি সংগ্ৰহ কৰিবলৈ যােৱাৰ অপৰাধত বহু সাংবাদিক তালিবানে গ্রেপ্তাৰ কৰিছিল। পাক বিৰােধী সমদলৰ বাতৰি সংগ্ৰহ কৰিবলৈ যােৱা দুজন সাংবাদিকক তালিবানে অকথ্য নির্যাতন চলালে।

শেহতীয়াভাৱে সামাজিক মাধ্যমত তালিবানে চলােৱা এনে বৰ্বৰতাৰ প্ৰমাণ প্ৰচাৰিত হৈছে। দুই আক্রান্ত আফগান সাংবাদিক তাকি দৰিয়াৰী আৰু নেমাত নকদিক অর্ধনগ্ন কৰি তালিবানে প্রচণ্ড প্ৰহাৰ কৰে।

প্ৰচাৰিত ফটোত সাংবাদিক দুজনৰ পিঠি আৰু ভৰিত শাৰীৰিক নির্যাতনৰ প্ৰমাণ স্পষ্ট প্রত্যক্ষ হৈছে। উল্লেখ্য যে এই দুই সাংবাদিকে ‘এটিলাত-এ-ৰোজ’ নামৰ সংবাদ মাধ্যমৰ স’তে জড়িত।

কাবুলৰ এখন থানাত এইদৰে শাস্তি বিহাৰ পাছত দুই সাংবাদিকক বুধবাৰে তালিবানে মুক্ত কৰি দিছিল। সম্প্রতি সাংবাদিক দুজন চিকিৎসাধীন হৈ আছে।

Exit mobile version