ধুবুৰীৰ জিলা দণ্ডাধীশে ফৌজদাৰী বিধিৰ ১৪৪ ধাৰাৰ আধীনত সমগ্ৰ ধুবুৰী জিলাত কেতবোৰ বাধা নিষেধ আৰোপ কৰিছে ,সেই অনুসৰি

5d34131d 66eb 4105 842a 4b33ffeca599

ৰাজহুৱা স্থান, পথ আদিত ধৰ্মঘট কৰা , সভা সমিতি পতা বা সমদল কৰা বা তেনেধৰণৰ লক্ষ্যৰে পাঁচজন বা তাতকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব৷

জিলা দণ্ডাধীশৰ অনুমতি নোহোৱাকৈ কোনো সমদল, সভা, ধৰ্মঘট আদি অনষ্ঠিত কৰিব নোৱাৰিব৷

দা, লাঠি আদিকে ধৰি কোনো মাৰনাস্ত্ৰ, জ্বলন সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ, এছিডৰ লেখীয়া সামগ্ৰী আদি পথ বা ৰাজহুৱা স্থানত লগত ৰাখিব নোৱাৰিব৷

পথ অৱৰোধ, পিকেটিং, পুত্তলিকা দাহ, টায়াৰ জ্বলোৱা আদি কৰিব নোৱাৰিব৷

দায়িত্বত থকা লোকৰ বাহিৰে আন লোকে সেনা বা নিৰাপত্তাৰক্ষীৰ পোচাক বা তেনেধৰণৰ পোচাক পিন্ধিব নোৱাৰিব৷

কোনো ব্যক্তি, ব্যৱসায়ীক প্ৰতিষ্ঠান বা ৰাজপথত যান-বাহনৰ পৰা জোৰকৈ কোনেও বৰঙণি সংগ্ৰহ কৰিব নোৱাৰিব৷

এই বাধা নিষেধবোৰৰ পৰা আইন বলবৎকাৰী সংস্থা, কোনো কোনো ক্ষেত্ৰত ক’ভিডৰ চিকিৎসাত নিয়োজিত চিকিৎসক, নাৰ্ছ আৰু অন্য স্বাস্থ্যকৰ্মীয়ে ৰেহাই পাব৷

জিলা দণ্ডাধীশে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে এই বাধা নিষেধবোৰ বাহাল থাকিব৷

Exit mobile version