মেক্সিকোত বৈধ হ’ল গর্ভপাত : ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত

SA4CV6NJAZI4PD7WK4I6MA4P5I

মেক্সিকোৰ উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰি দেশখনত গর্ভপাতক বৈধ ঘােষণা কৰিলে। আদালতৰ ১১ জন ন্যায়াধীশৰ আঠজনে সহমত প্রকাশ কৰি কয় যে গর্ভপাতক আইনগতভাৱে স্বীকৃতি দিয়া উচিত।

ADVERTISEMENT

উল্লেখ্য যে ইমানদিনে মেক্সিকোৰ প্রচলিত আইনত গর্ভপাতক এক অপৰাধ হিচাপে গণ্য কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অটুৰু জলডিবাৰে এই সন্দৰ্ভত উত্থাপিত এক গােচৰৰ ৰায়দানত কয়, ‘আজিৰ দিনটো মেক্সিকোৰ সকলাে মহিলাৰ বাবে এক ঐতিহাসিক দিন।

সকলাে মহিলাৰ বাবে অধিকাৰ লাভৰ ইতিহাসত আজিৰ দিনটো স্মৰণীয় হৈ ৰ’ব। ‘উচ্চতম ন্যায়ালয়ে গর্ভপাতক বৈধ ঘােষণা কৰাৰ পাছত অগণন মহিলাই ৰাজপথলৈ ওলাই আহি আনন্দ-উল্লাস প্রদর্শন কৰে।

Exit mobile version