মাজৰাতি পিয়াহত টোপনি ভাঙিছে নেকি? এগিলাচ পানী খোৱাৰ পাছতো যেন তৃষ্ণা যোৱা নাই। ডিঙিটো শুকান হৈ পৰিছে। যদি এনে ঘটনা সঘনাই ঘটিছে তেন্তে সাৱধান হোৱাৰ প্ৰয়োজন।
এনে লক্ষণয়ে বহুতো জটিল ৰোগ সূচায়। যদি প্ৰতিদিনে এনে হয়, লগে লগে চিকিৎসকৰ স’তে যোগাযোগ কৰক। কিন্তু তাৰ আগতে কি কি কাৰণত এই সমস্যাৰ সন্মুখীন হ’ব পাৰে সেইয়া জানি লওক ……………………………..
★ যদি শৰীৰ অত্যাধিক ভাগৰুৱা হয় তেন্তে এনে হ’ব পাৰে। হয়তো আপুনি আপোনাৰ জীৱন যাপনৰ ৰুটিন সলনি কৰিব লাগিব।
★ ডায়েবেটিচ থকা সকলে আনতকৈ অধিক সঘনাই প্ৰস্ৰাৱ কৰে। সেইকাৰণে শৰীৰত পানীৰ পৰিমাণ হ্ৰাস হ’ব পাৰে আৰু ডিঙি শুকাই যাব পাৰে।
★ পেটৰ বিকাৰ বা অত্যাধিক ঘাম হ’লে শৰীৰৰ পৰা যথেষ্ট পানী ওলাই আহে। ইয়াৰ ফলত ডিহাইড্ৰেচন হ’ব পাৰে। ডিঙিৰ বিষ হৈছে ডিহাইড্ৰেচনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষণ। আৰু ডিহাইড্ৰেশ্যনে বিভিন্ন শাৰীৰিক জটিলতাৰ সৃষ্টি কৰে।
★ উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকসকলে বেছিভাগ সময় ঘাম ওলায়। ফলস্বৰূপে, শৰীৰৰ পৰা পানী ওলাই আহে আৰু ডিঙি শুকাই যায়। গতিকে উচ্চ ৰক্তচাপ থকা ৰোগীসকলৰ বাবে প্ৰতিদিনে পৰ্যাপ্ত পানী খোৱাটো অতি গুৰুত্বপূৰ্ণ।
★ঠাণ্ডা লাগি হাঁওফাঁওৰ সমস্যা হযলে, ডিঙি শুকাই যাব পাৰে। যিসকলৰ বৃক্ক বা যকৃতৰ সমস্যা আছে তেওঁলোকৰো ডিঙি শুকাই যোৱাৰ প্ৰৱণতা থাকে ।






























