গুৱাহাটীসহ ৰাজ্যত প্ৰচণ্ড উত্তাপ

আগন্তুক তিনিদিনলৈ উত্তাপ অপৰিৱৰ্তিত থকাৰ সম্ভাৱনা

summer 258f7852 7390 11e9 8633 eb97ff886575

মৌচুমীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বিদায় মাগিবলৈ ধৰাৰ সময়তে উৎকট গৰমত দহিছে সমগ্ৰ ৰাজ্য । কালি গুৱাহাটীত তাপমাত্ৰাৰ সৰ্বোচ্চ পৰিমাণ হয় ৩৬ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্ৰী ছেলছিয়াছ । এনে উৎকট গৰম ৰাজ্যৰ আন আন জিলাতো থাকে । শিলচৰত গুৱাহাটীতকৈয়ো তাপমাত্ৰা অধিক হয় । বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অসম আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা মৌচুমীয়ে ৰাজস্থানৰ জয়ছালমেৰৰ দিশে গতি কৰিছে । ফলত পূব ৰাজস্থান আৰু ইয়াৰ ‌কাষৰীয়া অঞ্চলত নিম্ন চাপৰ প্ৰভাৱ পৰিছে ।

ইয়াৰ বিপৰীতে মধ্য বংগোপসাগৰত পৰৱৰ্তী ২৪ ঘণ্টাত এক নিম্ন চাপৰ সৃষ্টিৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে । ইয়াৰ প্ৰভাৱ সাধাৰণভাৱে অসমত পৰাৰ সম্ভাৱনা আছে । ফলত অসমৰ উপৰিও মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কোনো কোনো অঞ্চলত মজলীয়া পৰিমাণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ‌।

অহা চাৰি দিনলৈ এই সম্ভাৱনা বাহাল থাকিব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰটোৰ তথ্যত প্ৰকাশ । মধ্যমীয়া বৰষুণৰ সম্ভাৱনাৰ বিপৰীতে ৰাজ্যত আগন্তুক তিনিটা দিনতো সামগ্ৰিকভাৱে উত্তাপৰ মাত্ৰা আজিৰ দৰেই থাকিব ।

আজি আৰু কালি অসমত তাপমাত্ৰা সৰ্বোচ্চ পৰিমাণ ৩৭ ডিগ্ৰী ছেলছিয়াছৰ অধিক হোৱাৰ সম্ভাৱনা আছে । অহা ১৪ ছেপ্টেম্বৰৰ পৰা হৈ তাপমাত্ৰাৰ পৰিমাণ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে । মৌচুমীৰ বিদায় আৰু শীতৰ আগমনৰ মাজৰ চলিত সময়ছোৱাত বতৰৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত উত্তাপৰ মাত্ৰা অব্যাহত থাকিব বুলিও কেন্দ্ৰটোৱে সদৰী কৰে ।

উল্লেখ্য যে পূৰ্বৰ পৰিৱেশ অনুসৰি ছেপ্টেম্বৰৰ পৰা উত্তাপৰ মাত্ৰা ক্ৰমে হ্ৰাস পাবলৈ ধৰে । কিন্তু বিশ্বজুৰি হোৱা বতৰৰ পৰিৱৰ্তনৰ বাবে পূৰ্বৰ সেই পৰিৱেশৰ বিপৰীতে উত্তাপহে বৃদ্ধি হৈছে । অক্টোবৰৰ মাজলৈকে এনে উত্তাপ অনুভূত হোৱাৰ উদাহৰণ যোৱা সময়ছোৱাত আছে ।

Exit mobile version