বিশ্বৰ শ্ৰেষ্ঠ চহৰৰ তালিকাত শীৰ্ষত ছেন ফ্ৰান্সিস্কো, নাই ভাৰতৰ চহৰ

47

আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ‘টাইম আউট’-এ বিশ্বৰ সবাতোকৈ শ্ৰেষ্ঠ ৩৭ খন চহৰৰ এখন তালিকা প্ৰকাশ কৰিছে । এই তালিকাত বিশ্বৰ ভিতৰতে সবাতোকৈ উন্নত চহৰ হিচাপে শীৰ্ষ স্থান লাভ কৰিলে ছেন ফ্ৰান্সিস্কোৱে ।

আমেৰিকাৰ এইখন চহৰ বসবাসৰ লগতে খাদ্য, সংস্কৃতি আৰু উন্নত নৈশ জীৱনৰ বাবে বিশ্বাজুৰি বিশেষভাৱে প্ৰসিদ্ধ । ছেন ফ্ৰান্সিস্কো হৈছে কেলিফ’ৰ্ণিয়াৰ চতুৰ্থখন সৰ্বাধিক জনবহুল চহৰ আৰু আমেৰিকাৰ ১২ সংখ্যক সৰ্বাধিক ‌জনসংখ্যাৰ মহানগৰ ।

বিশ্বৰ শ্ৰেষ্ঠ চহৰৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছে নেদাৰলেণ্ডছৰ ৰাজধানী আমষ্টাৰড’মে । তৃতীয় স্থানত আছে ইংলেণ্ডৰ মানচেষ্টাৰ । চতুৰ্থ স্থানত আছে ডেনমাৰ্কৰ ৰাজধানী ক’পেনহেগন ।

আনহাতে, আমেৰিকাৰ নিউ য়ৰ্কে তালিকাত পঞ্চম স্থান লাভ কৰিছে । ইয়াৰ পাছতে তালিকাত আছে ক্ৰমে মণ্ট্ৰিয়েল, প্ৰাগ, তেল অভিভ, পৰ্টো, টকিঅ’, লছ এঞ্জেলছ, চিকাগো, লণ্ডন, বাৰ্চিলোনা, মেলবৰ্ণ চিডনী, ছাংঘাই, মাদ্ৰিদ, মেক্সিকো চিটী আৰু হংকঙৰ নাম । এই তালিকাত অন্তৰ্ভুক্ত নহ’ল ভাৰতৰ এখনো চহৰ ।

Exit mobile version