৪৬ বছৰত অভিলেখ বৃষ্টিপাত দিল্লীত, বিপৰ্য্যস্ত জনজীৱন

1631353723 water logged

দিল্লীত অভিলেখ মাত্ৰাৰ বৃষ্টিপাতৰ ফলত ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰত পানী সোমায় । বিমানবন্দৰৰ বহুখিনি অঞ্চল জলমগ্ন হৈ পডৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে, ৪৬ বছৰৰ অভিলেখ বার্ষিক বৃষ্টিপাত হৈছে দিল্লীত । আগন্তুক দিনটো প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা । কমলা সতর্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

সংবাদ সংস্থা এএনআই-য়ে দিল্লী বিমানবন্দৰৰ জলমগ্ন ছবি প্রকাশ কৰিছে সামাজিক মাধ্যমত । বতৰ বেয়া হোৱাৰ বাবে ইতিমধ্যে বহুকেইখন বিমান বাতিল কৰা হৈছে । বিমানসংস্থাবোৰে যাত্রীসকলক বিমান ধৰিবলৈ অহাৰ আগতে সংশ্লিষ্ট সংস্থাৰ ৱেবছাইটৰ পৰা খবৰ লোৱাৰ নির্দেশ দিছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা শনিবাৰে জনোৱা হৈছে, দিল্লী, নয়ডা, গাজিয়াবাদৰ বহু অঞ্চলত বজ্ৰপাতসহ প্ৰবল বৃষ্টিৰ পূর্বাভাস আছে । ফলত আৰু পানী জমা হ’ব পাৰে । প্রশাসনক আগৰ পৰাই প্রস্তুত থাকিবলৈ কোৱা হৈছে । প্রয়োজন নহ’লে বাসিন্দাসকলক ঘৰৰ বাহিৰত ওলোৱা নিষেধ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

সংবাদ সংস্থা পিটিআই জনাইছে, দিল্লীত গড় বৃষ্টিপাতৰ পৰিমাণ ৬৪৮.৯ মিলিমিটাৰ । ইয়াৰ আগতে ১৯৭৫ ত দিল্লীত ১১৫০ মিলিমিটাৰ বৃষ্টিপাত হৈছিল । চলিত বছৰত ইতিমধ্যে ১,১০০ মিলিমিটাৰৰ বেছি বৃষ্টিপাত হৈছে ৰাজধানীত । সেয়ে বিপর্যস্ত হৈছে জনজীৱন ।

Exit mobile version