ওদালগুৰিত ফিট ইণ্ডিয়া ফ্ৰীডম ৰান কাৰ্যসূচী সম্পন্ন

ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান মন্ত্ৰণালয়ৰ আহ্বান মৰ্মে ‘আজাদী কা অমৃত’ মহোৎসৱৰ স’তে সংগতি ৰাখি আজি পুৱা ওদালগুৰিত উলিওৱা হয় ফিট ইণ্ডিয়া ফ্ৰীডম ৰান কাৰ্যসূচী।

নেহৰু যুৱ কেন্দ্ৰ ওদালগুৰি আৰু ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই ফ্ৰীডম ৰান কাৰ্যসূচী ওদালগুৰি ৰাজহুৱা দূৰ্গা পূজা মণ্ডপৰ পৰা আৰম্ভ হৈ চহৰখনৰ মাজেৰে পৰিভ্ৰমণ কৰি জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত থকা গান্ধী মণ্ডপত সামৰণি পৰে।

কাৰ্যসূচীটোত উপস্থিত থাকি ফ্লেগ অফ কৰে জিলা উপায়ুক্ত ডাঃ পি. উদয় প্ৰৱীনৰ লগতে জ্যেষ্ঠ নাগৰিক শৰৎ বসুমতাৰীয়ে। উক্ত দৌৰ কাৰ্যসূচীত জিলা উপায়ুক্তগৰাকীৰ লগতে নেহৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱক আৰু বিভিন্ন সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰে।

উক্ত সমূহীয়া দৌৰটিৰ অন্তত জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কাৰ্যসূচী অনুষ্ঠিত কৰে।

Exit mobile version