বি পি এফৰ গোসাঁইগাঁও জিলা সমিতিৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিবেশন সম্পন্ন

হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ গোসাঁইগাঁও জিলা সমিতিৰ আজি পঞ্চম ত্ৰিবাৰ্ষিক অধিবেশন দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয় ৷ গোসাঁইগাঁও মহকুমাৰ জয়মাগুৰিস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত অধিবেশনৰ সাধাৰণ সভাৰ সভাপতিত্ব কৰে গোসাঁইগাঁও জিলা উপ-সভাপতি তথা প্ৰাক্তন এম চি এল এ দেৱজিৎ নাৰ্জাৰীয়ে ৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ২৯ নম্বৰ পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কয় যে, বিপিএফ দলে কৰি যোৱা সকলো কামৰ ক্ৰেডিট ল’ব বিচাৰিছে ইউ পি পি এল দলে । ইউ পি পি এলৰ নেতৃত্বত চলা সাম্প্ৰতিক বিটিচি চৰকাৰত চৰম দুৰ্নীতি চলিছে ৷ বিশেষকৈ অৰুনোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত চৰম দুৰ্নীতি সংঘটিত হৈছে বুলি বিধায়কগৰাকীয়ে অভিযোগ কৰে‌ ৷

তেওঁ কয় যে, আঁচনিৰ সকলো নীতি-নিয়ম জলাঞ্জলি দি চৰকাৰী চাকৰি কৰা পৰিয়াল তথা ধনাঢ্য পৰিয়ালৰ সদস্যই আঁচনিৰ সুবিধা লাভ কৰি আছে ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকলো অৱগত কৰা হ’ব ৷ প্ৰয়োজন হ’লে ন্যায়ালয়ত যোৱা হ’ব বুলি তেওঁ সকীয়াই দিয়ে ৷

তেওঁ আৰু কয় যে বিপিএফ আৰু বিজেপিৰ মিত্ৰতা প্ৰায় সম্পূৰ্ণ হৈছে কেৱল অনুষ্ঠানিকতাহে বাকী ৷ খুব কম দিনৰ ভিতৰত সকলো প্ৰকাশ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে পূৰ্বৰ দৰে পুনৰ বিপিএফ আৰু বিজেপিয়ে বিটিচি তথা অসমৰ উন্নয়নৰ কাম কৰিব‌ ৷

উল্লেখ্য যে উক্ত অধিবেশনত পূৰ্বৰ গোসাঁইগাঁও জিলা সমিতি ভংগ কৰি অনাগত তিনি বছৰৰ বাবে প্ৰাক্তন কাৰ্যবাহী সদস্য শোভাৰাম বসুমতাৰীক সভাপতি আৰু সক্ৰিয় নেতা বিল্লা কুমাৰ ব্ৰহ্মক সাধাৰণ সম্পাদক হিচাপে লৈ নতুন সমিতি গঠন কৰা হয় ৷

Exit mobile version