তালিবানে মহিলাক উচ্চ শিক্ষাৰ দিলে অনুমতি, কিন্তু ৰাখিলে চৰ্ত

120523500 kabuluni

আফগানিস্তানৰ উচ্চ শিক্ষামন্ত্রী আব্দুল বাকী হাক্কানীয়ে মহিলাসকলক বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্রহণৰ বাবে অনুমতি দিলে। অৱশ্যে শিক্ষামন্ত্রীজনে চর্ত আৰােপ কৰি কয় যে মহিলাই বিশ্ববিদ্যালয়লৈ গৈ স্নাতকোত্তৰ পৰ্যায়ৰ পঢ়া-শুনা কৰিব পাৰিব যদিও ছাত্র আৰু ছাত্ৰীৰ বাবে পৃথক শ্রেণী কোঠাৰ ব্যৱস্থা থাকিব আৰু সকলােৱে ইছলামিক পৰিধান পিন্ধাটো বাধ্যতামূলক হ’ব।

ADVERTISEMENT

উল্লেখ্য যে তালিবানে চৰকাৰ গঠনৰ পাছতে উচ্চ শিক্ষামন্ত্রীজনে ঘােষণা কৰি কৈছিল যে মহিলাই উচ্চ শিক্ষা লােৱাৰ কোনাে প্রয়ােজন নাই।

এই ঘােষণাই বিশ্বজুৰি ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ পাছত হাক্কানীয়ে কয় যে তেওঁলােকে ছাত্র-ছাত্রীক একেলগে অধ্যয়নৰ অনুমতি দিব নােৱাৰে যদিও ছাত্রীয়ে পৃথক শ্রেণী কোঠাত উচ্চ শিক্ষা গ্রহণ কৰিব পাৰিব।

Exit mobile version