দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আজি এখন সংবাদমেল সম্বোধন কৰে ।

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ সম্বন্ধে  সংবাদমেল সম্বোধন ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন উত্থাপন কৰি কয় যে চাৰি বছৰত  আধাৰশিলায়ে হ’ব নে দলংখনো নিৰ্মাণ হ’ব ।

চন্দ্ৰমোহন পাটোৱাৰীক জাপানলৈ পঠাওক : ধৰ্ম কান্ত গগৈ ।

বিশ্ব বেংকৰ পৰা অহা ১০০ কোটি টকা ক’লৈ গ’ল বুলি প্ৰশ্ন ।

১০ কোটি টকীয়া অত্যাধুনিক ফেৰী ক’ত চলি আছে ?

ভদভটিত দুটা ইঞ্জিন থকাটো বাধ্যতামূলক কৰা কথা কত গ’ল ?

এতিয়াও এটা ইঞ্জিনৰ দ্বাৰা চলি আছে নৌকাৰ যাতায়ত ব্যৱস্থা ।

প্ৰতিজন যাত্ৰীৰ বাবে থকা লাইফ জেকেটসমূহ ক’ত ব্যৱহাৰ কৰা হৈছিল ?

সংবাদমেলত মুখমন্ত্ৰীলৈ প্ৰশ্ন যুৱ শক্তিৰ – আগৰ দলংবোৰ নিৰ্মাণ কৰোতে যিমান সময়ৰ প্ৰয়োজন হৈছিল, মাজুলী-যোৰহাট সংযোগী দলং কেনেকৈ চাৰি বছৰত নিৰ্মাণ কৰি উলিয়াব ?

২০১৮ত গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী দুৰ্ঘটনাৰ পাছত বিধানসভাত ঘোষণা কৰা প্ৰতিশ্ৰুতিসমূহৰ ৰাজহুৱাভাৱে উত্তৰ বিচাৰিলে : দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে ।

চন্দ্ৰমোহন পাটোৱাৰীক অতি সোনকালে নিলম্বনৰ দাবী।

নিমাতি আৰু কমলাবাৰী ঘাটত মুঠ১৩৫ জন কৰ্মচাৰী আছে।

ফেৰী দুৰ্ঘটনাত নিম্ন পৰ্যায়ৰ ১০ জন কৰ্মচাৰীক  আটক কৰি আৰক্ষীয়ে যি তদন্ত চলাই আছে সেয়া একপ্ৰকাৰ নাটক বুলি আখ্যা দিলে : দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে ।

Exit mobile version