নতুন নামেৰে খুলিব জেট এয়াৰ, ঋণমুক্ত হৈ পুনৰ বিমান পৰিষেৱা আৰম্ভ কৰিব আগন্তুক বৰ্ষতে

28jet

আগন্তুক বৰ্ষত নতুনকৈ বিমান পৰিষেৱা আৰম্ভ কৰিব জেট এয়াৰৱেজে । ২০২২ ৰ প্রথম ত্রৈমাসিকত দেশত আৰু শেষার্ধত আন্তর্জাতিক বিমান চলোৱা আৰম্ভ কৰিব সংস্থাটোৱে ।

ঋণত জর্জৰিত হৈ ২০১৯ ৰ এপ্রিলত পৰিষেৱা বন্ধ কৰিছিল জেটে । আঢ়ৈ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব সংস্থাটো । জেটে জনায়, তেওঁলোকৰ বিমান পৰিবহণৰ বাবে অনুমোদনৰ প্রক্রিয়াও আৰম্ভ হৈছে ।

নতুন অবতাৰত উভতিছে উৰন সংস্থাটো । নাম দিয়া হৈছে জেট এয়াৰৱেজ ২.০ । নাম সলনি কৰাৰ লগতে উৰন সংস্থাটোৰ সদৰ দফতৰৰ ঠিকানাও সলনি কৰিব । মুম্বাইৰ সলনি ৰাজধানী দিল্লীত খুলিছে সংস্থাৰ নতুন কাৰ্যালয় ।

জেটৰ নন-এগ্‌জিকিউটিভ চেয়াৰমেন মুৰাৰি লাল জালানে কয়, ‘‘তিনি বছৰৰ ভিতৰত আমাৰ সংস্থাৰ বিমানৰ সংখ্যা ৫০খন আৰু পাঁচ বছৰত ১০০খন কৰাৰ পৰিকল্পনা কৰা হৈছে ।’’ তেওঁ লগতে কয়, ‘‘আঢ়ৈ বছৰ বন্ধ থকাৰ পাছত কোনো বিমান সংস্থাৰ পৰিষেৱা পুনৰ আৰম্ভ কৰাৰ ইতিহাস এই পৰ্যন্ত নাই । সেই দিশৰ পৰা চালে ইতিহাস গঢ়িব জেট এয়াৱেজে ২.০ ।’’

Exit mobile version