অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ সংবাদ মেল

Apurba Kumar Bhattacharjee

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰ নিমাত, নীৰৱ কিয় ?
২০১৪ৰ দেশৰ সাধাৰণ নিৰ্বাচনত অসমবাসীক দিয়া প্ৰতিশ্ৰুতি, ২০১৬ত অসম বিধানসভাৰ নিৰ্বাচনৰ সময়ত চৰকাৰ গঠন কৰিয়েই ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা দিয়া হ’ব বুলি পুনৰাই কৰা ঘোষণাৰ আজি কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোদীৰ একেৰাহে সাত বছৰীয়া শাসন আৰু জনজাতীয় মূলৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পাঁচ বছৰীয়া শাসনৰ পাছত ড০ হিমন্ত বিশ্ব শৰ্মাৰ ১২৩ দিনীয়া চৰকাৰৰ শাসন চলিছে ।

অলপতে বিজেপি চৰকাৰৰ কেন্দ্ৰীয় জনজাতীয় বিভাগৰ মন্ত্ৰী আহি গ’ল । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জনালে, এতিয়া হেনো মোদী ডাঙৰীয়াৰ গৱেষণাগাৰত এই সন্দৰ্ভত গৱেষণাহে চলিছে ।

এদিন এই জনজাতিকৰণৰ দাবীত দিল্লী-দিছপুৰ সৰ্বত্ৰতে কিমান আন্দোলন হ’ল । অন্ততঃ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে আগবঢ়াই থোৱাৰ পৰাও দেখোন একোৱেই আগনাবাঢ়িলে ।

অসমত শান্তি আহিছেনে ?

অসম অশান্ত অঞ্চল আইন ১৯৫৫ কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মৰ্মে অসম এতিয়া শান্ত । অসমত এতিয়া কোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্য্যকলাপ নাই । তেনেহ’লে অশান্ত অঞ্চল আইনৰ ম্যাদ পুনৰাই বৃদ্ধি কৰা হ’ল কিয় ? দেশৰ লগতে অসমতো উপনিবেশিক শাসন বৰ্তাই ৰাখিবৰ কাৰণে এই পদক্ষেপ নেকি ? ইতিমধ্যে বাকৰুদ্ধ হৈ পৰা গণতান্ত্ৰিক ব্যৱস্থাৰো ভূমিকা নিশ্চিহ্ন কৰাৰ পথত নেকি ?

মহানগৰবাসীৰ বিশুদ্ধ খোৱা পানী কেতিয়া ?

গুৱাহাটী মহানগৰৰ প্ৰায় ২২ লাখ মানুহক জলজীৱন আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগানৰ ৬৩৬১ কোটি টকীয়া প্ৰকল্প “কমিচন”ৰ ভাগ বটৰাৰ অন্ত কেতিয়া পৰিব ? এই ক্ষেত্ৰত স্বচ্ছতা ৰক্ষা হ’বনে ? একে কেইগৰাকী নেতাৰ নেতৃত্বতে চলিছে পিঠা ভগোৱা কাৰবাৰ । প্ৰধানমন্ত্ৰী মোডীয়ে মহানগৰবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা হ’বনে ? মহানগৰবাসীয়ে প্ৰকৃততে বিশুদ্ধ খোৱা পানী কেতিয়া পাব, দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ ওলোৱা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰক ।

নাও দুৰ্ঘটনা কাৰ ভুলৰ বাবে ?

প্ৰকৃততে জল পৰিবহণ বিভাগটো কোনে চলায়, মন্ত্ৰীয়ে, বিভাগীয় আয়ুক্ত-সচিবে, সঞ্চালকে নে লেছী তথা ঠিকাদাৰে ? ২০১৮ৰ উত্তৰ গুৱাহাটীত হোৱা নাও দুৰ্ঘটনাত শাস্তি প্ৰদান কৰা বিষয়াজনক পুনৰ নিমাতী ঘাটৰ দৰে অতিশয় ব্যস্ত ঘাটত কিয় নিযুক্তি দিলে ? এয়াই বিজেপিৰ শাসনৰ স্বচ্ছতা তথা নিৰপেক্ষ নীতি নেকি ?

বিভাগীয় মন্ত্ৰীৰ কাৰ্য্যালয়ৰ ঠিকনা নিমাতী ঘাট হৈছে নেকি ? মাজুলীবাসীৰ জীৱনৰ স’তে হেতালি খেলা ৰৌ-বৰালিৰ ক্ষেত্ৰত দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি বেলেগ নেকি ? পুঠি খলিহনা নহয় প্ৰথমতে এনে অক্ষমণীয় অপৰাধৰ বাবে মন্ত্ৰী হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে পদত্যাগ কৰি আদৰ্শৰ চানেকি দিয়ক ? মুখ্যমন্ত্ৰীৰ ১০ কোটি টকীয়া ৰৌ ৰৌ জাহাজ বন্ধ ৰখাৰ কাৰণ কি ? তেল কিনিবলৈ পইচাৰ অভাৱ নে এখন ইঞ্জিন মুক্ত নাওৰ মালিকৰ স্বাৰ্থ ৰক্ষা ! লাইফ জেকেটৰ যোগানৰ ক্ষেত্ৰতো কিবা খেলি মেলি আছিল নেকি ?

Exit mobile version