গো সুৰক্ষা আইন বাতিলৰ দাবীত কলগাছিয়াত চি পি আই (এম)ৰ বিক্ষোভ

কলগাছিয়া ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ লগতে আজি কলগাছিয়াতো গো সুৰক্ষা আইন বাতিলৰ দাবীত কলগাছিয়াত চি পি আই এমে বিক্ষোভ প্ৰদৰ্শন কৰে।

চি পি আই এমৰ কলগাছিয়া আৰু তিতাপানী লোকেল কমিটিৰ নেতৃত্বত এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে। কমিটি দুটাৰ সমৰ্থনত কে’বা শতাধিক বিক্ষোভকাৰীয়ে কলগাছিয়াত হাতে হাতে বেনাৰ পোষ্টাৰ আৰু চি পি আই এমৰ ৰঙা পতাকালৈ সমদল উলিয়াই চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দিয়ে।

প্ৰতিবাদকাৰী সকলে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে গো সুৰক্ষা আইন বাতিলকে ধৰি ছয় দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ অসমৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰে।

Exit mobile version