কলগাছিয়াৰ বিভিন্ন অঞ্চলত ভদীয়া বানপানীয়ে বিনষ্ট কৰিলে শালিধানৰ খেতি

উপযুক্ত ক্ষতিপূৰণ দিবলৈ চৰকাৰক কাতৰ আহবান ভূক্তভোগী কৃষকৰ

সমগ্ৰ বৰপেটা জিলাৰ লগতে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি, খাৰবাল্লী, বলাইপাথাৰ, শওপুৰ, সুতিৰপাথাৰ, কলগাছিয়া, সোণাপুৰ, ৰুভী, ৰছুলপুৰ, কালামপুৰ, মজিদভিঠা সাওঁৰাচৰা আদি কৰি কে’বাখনো গাঁৱৰ হেজাৰ হেজাৰ বিঘা শালি ধানৰ খেতি ভাদ মহীয়া বাঢ়নী বানপানীৰ কৱলত পৰি বিনষ্ট হোৱাৰ ফলত শ শ দুখীয়া কৃষকে মূৰে কপালত হাত দিবলগা হৈছে ।

অধিক সংখ্যক খেতিয়কে বানৰ পূৰ্বেই ধান খেতি কৰি আজৰি হৈছিল যদিও এইবেলি ভাদ মাহত হোৱা বেঁকী নদীৰ বানপানীত আগতীয়াকৈ কৰা ধানৰ খেতি সমূহ সম্পূৰ্ণ ভাৱে বিনষ্ট হৈ পৰিছে ।

ফলত কৃষি কাৰ্য্য কৰি পৰিয়াল পোহপাল দিয়া কৃষক সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । তলাবন্ধ আৰু বানপানীয়ে খেতিয়ক সকলক জুৰুলা কৰি পেলাইছে যদিও কৃষি বিভাগৰ বিষয়া সকলে ভূক্তভোগী কৃষকৰ খবৰ ল’বলৈ আহৰি পোৱা নাই।

ফলত অধিক দৰত কঁঠীয়া কিনি খেতি কৰিবলৈ কৃষকসকল অসুবিধাৰ সন্মুখীন হৈছে। এই ক্ষেত্ৰত চৰকাৰে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ কাতৰ আহবান জনাইছে ভূক্তভোগী কৃষক সকলে।

Exit mobile version