আজিৰ বলিউকডক হিটলাৰৰ নাজী যুগৰে তুলনা বৰ্ষীয়ান অভিনেতা নাছিৰুদ্দিনৰ : কিন্তু কিয় ?

navbharat times 1

এইবাৰ বলিউডৰ সন্দৰ্ভত বিস্ফোৰণ মন্তব্য প্ৰকাশ কৰিলে হিন্দী ছবিৰ অভিনেতা নাছিৰুদ্দিন শ্বাহে । অভিনেতাজনৰ মন্তব্য, ‘এতিয়াৰ বলিউডৰ উদ্যোগৰ স’তে হিটলাৰৰ নাজী যুগৰ সাদৃশ্য দেখা পাইছো ।’ কিন্তু কি প্ৰসংগত নাছিৰুদ্দিনে এই মন্তব্য কৰিলে ? বৰ্ষীয়ান অভিনেতাজনৰ মতে, ‘বৰ্তমানে কেন্দ্ৰীয় চৰকাৰৰ গৌৰৱ প্ৰদৰ্শন কৰাৰ বাবে ছবি নিৰ্মাণত উৎসাহিত কৰা হয় । কেৱল এয়াই নহয়, ইয়াৰ বাবে ছবি উদ্যোগৰ একাংশ পৰিচালক-প্ৰযোজকক এনে ছবি নিৰ্মাণৰ বাবে আৰ্থিকভাৱে সহায্য প্ৰদান কৰা হয় । আনকি চিনেমাৰ কাহিনীৰ মাধ্যমেৰে অতি কৌশলৰে চৰকাৰৰ হৈ প্ৰচাৰ চলালে, কোনো গোচৰত জড়িত অভিনেতা-প্ৰযোজকক চৰকাৰে ‘ক্লিনশ্বিট’ দিয়ে । এনে ঘটনা হিটলাৰৰ শাসনতো হৈছিল । সেই সময়তো নাজী আদৰ্শ প্ৰচাৰ কৰাৰ বাবে চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল ।’

এক সাক্ষাৎকাৰত নাছিৰুদ্দিনক প্ৰশ্ন কৰা হৈছিল যে মুছলমান হোৱা হেতুকে ছবি উদ্যোগত কেতিয়াবা তেওঁ কোনো বৈষম্যৰ বলি হৈছিল নেকি ? ইয়াৰ উত্তৰ দি অভিনেতাজনে কৈছিল – ‘ম‌ই নিজে কেতিয়াও এনে বৈষম্যৰ বলি হোৱা নাই, কিন্তু এনে বহু অভিনেতাক প্ৰত্যক্ষ কৰিছো, যিসকলে নিজৰ মনৰ কথা কোৱাৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছিল ।’

নাছিৰুদ্দিনে ওলোটাই প্ৰশ্ন কৰি কয় যে বলিউডৰ আজিৰ ‘তিনি খান’-এ কিয় মৌন হৈ থাকে ? ‘আচলতে তেওঁলোকে হাৰাশাস্তিৰ বলি হ’ব বুলি ভয় কৰে । মুখ খুলিলে তেওঁলোকে বহু কিবা হেৰুৱাব লগা হ’ব পাৰে । কেৱল যে অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হ’ব, এনে নহয় । দুখন-এখন ছবি, বিজ্ঞাপন হেৰুৱাব লাগিব, সেই কাৰণেও নহয় । আচলতে তিনি খানে মুখ খুলিলে তেওঁলোকৰ ইমান বছৰৰ পৰিশ্ৰমৰ কেৰিয়াৰ আৰু তেওঁলোকৰ অস্তিত্ব সংকটৰ সন্মুখীন হ’ব ।’ নাছিৰুদ্দিনে এইদৰে কয় ।

Exit mobile version