কৰ’না মহামাৰীৰ প্ৰভাৱত ৰাজ্যত পাঁচ হেজাৰ বিঘা কুঁহিয়াৰ খেতি নষ্ট

Screenshot 164

‘পূৰ্বতে আমি এদিনতে ১০ৰ পৰা ১৫ লাখ টকাৰ কুঁহিয়াৰ বিক্ৰী কৰিছিলো । এই বছৰ বৰষুণ কম আছিল । অৰ্থাৎ বতৰ ভাল আছিল হেতুকে আমাৰ ব্যৱসায় ভাল হ’ব লাগিছিল; কিন্তু কৰ’না মহামাৰীৰ ফলত ব্যৱসায় ধ্বংস হ’ল । কুঁহিয়াৰ বেপাৰীসকল ভিক্ষাৰিত পৰিণত হ’ল । মহানগৰীত কুঁহিয়াৰৰ বজাৰ দেউলীয়া হোৱাৰ লগে লগে খেতিয়কসকলৰ প্ৰায় পাঁচ হেজাৰ বিঘাৰ কুঁহিয়াৰ খেতি নষ্ট হ’ল ।’ এইদৰে ক্ষোভ আৰু হতাশা ব্যক্ত কৰে ফাঁচীবজাৰৰ পাইকাৰী কুঁহিয়াৰ ব্যৱসায়ী ইব্ৰাহিম আলীয়ে ।

কৰ’না মহানগৰীয়ে কিদৰে মহানগৰীৰ কুঁহিয়াৰ বেপাৰীসকলৰ জীৱনলৈ কাল অমানিশা নমাই আনিলে তাক ব্যাখ্যা কৰি তেওঁ ‘দৈনিক অগ্ৰদূত’ক কয়, ‘সকলোৱে জানে যে উৎকট গৰমৰ বতৰত কুঁহিয়াৰ বেছিকৈ বিক্ৰী হয় । তাতোকৈ বেছি বিশ্বকৰ্মা পূজা, সৰস্বতী পূজা, লক্ষ্মী পূজা আৰু দুৰ্গা পূজাত কুঁহিয়াৰ বিক্ৰী হয় । ২০১৯ৰ পৰাই আমি কোনো পূজা, উৎসৱ-পাৰ্বণ আদিত মুকলিকৈ বজাৰত কুঁহিয়াৰ এৰিব নোৱাৰিলো । ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি বৃহৎ ব্যৱসায়ীলৈকে প্ৰতিজনে অন্ততঃ ১০ লাখ টকাৰ পৰা এক-ডেৰ কোটি টকালৈকে লোকচান হৈছে ।’

আলীয়ে জনোৱা মতে, খেতিয়কসকলৰ পৰা আৰম্ভ কৰি, যাতায়ত, শ্ৰমিক, ৰসৱালা, খুচুৰা বিক্ৰেতা, পাইকাৰী বেপাৰী সকলোকে ধৰি প্ৰায় ১০ হেজাৰ কুঁহিয়াৰ ব্যৱসায়ৰ লগত জড়িত লোক মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ।

সম্প্ৰতি সন্ধিয়া আঠ বজালৈকে সান্ধ্য আইন শিথিল কৰা হৈছে যদিও পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়েও কুঁহিয়াৰ বেপাৰীসকলক মাধমাৰ শোধাইছে বুলি আক্ষেপ প্ৰকাশ কৰি আলীয়ে কয় যে পূৰ্বতে কামৰূপ জিলাৰ বকো উন্নয়ন খণ্ডৰ অন্তৰ্গত সোণতলীৰ পৰা কুঁহিয়াৰ কঢ়িওৱা এখন ভি আই পি গাড়ীৰ ভাড়া ১৮শ টকা আছিল যদিও সম্প্ৰতি এখন গাড়ীৰ ভাড়া ২৫শ টকা পৰ্যন্ত দিবলগীয়া হৈছে । আলীয়ে কয়, ‘এতিয়া এডাল কুঁহিয়াৰৰ বিপৰীতে গাড়ী ভাড়াতে প্ৰায় পাঁচ টকা খৰচ হয় ।’

অনিশ্চয়তাৰে ভৰা বৰ্তমানৰ বজাৰ ব্যৱস্থাত কোনো কাৰণতে বেছিকৈ কুঁহিয়াৰ আনি জমা কৰি ৰাখিব নোৱাৰি বুলি উল্লেখ কৰি আলীয়ে কয় যে দুই-তিনি দিন পাৰ হোৱাৰ লগে লগেই কুঁহিয়াৰ সম্পূৰ্ণ নষ্ট হৈ যা‌য় । কেতিয়াবা নেৰানেপেৰাকৈ তিনি-চাৰিদিন বৰষুণ দিলেও যথেষ্ট পৰিমাণৰ কুঁহিয়াৰ নষ্ট হোৱা বুলিও আলীয়ে কয় ।

উল্লেখ্য যে মহানগৰীৰ সমগ্ৰ কুঁহিয়াৰ ব্যৱসায় বকোৰ সোণতলীৰ কুঁহিয়াৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰে । সোণতলীৰ পৰা আমদানি কৰা কুঁহিয়াৰ মহানগৰীৰ জানুৱাৰী আৰু ফাঁচী বজাৰস্থিত পাইকাৰী বজাৰলৈ আহে আৰু এই দুয়োখন পাইকাৰী বজাৰৰ পৰাই নিয়ন্ত্ৰণ হয় সমগ্ৰ ৰাজধানী চহৰখনৰ খুচুৰা বজাৰ । জালুকবাৰী আৰু ফাঁচী বজাৰস্থিত পাইকাৰী বজাৰৰ ওপৰত মহানগৰীৰ প্ৰায় তিনি হেজাৰ ‘ৰসৱালা’ নিৰ্ভৰ কৰে । নলবাৰী আৰু বৰপেটাৰ পৰাও কিছু পৰিমাণে কুঁহিয়াৰ বজাৰলৈ আহে যদিও এয়া অতি নগন্য ।

সোণতলীৰ কুঁহিয়াৰ খেতিয়ক আৰু মহানগৰীৰ পাইকাৰী কুঁহিয়াৰ বেপাৰীসকলৰ মাজত এক ওতঃপ্ৰোত সম্বন্ধ আছে । এনে বেপাৰীয়ে প্ৰকাশ কৰা মতে সোণতলীৰ কুঁহিয়াৰ খেতিত মহানগৰীৰ পাইকাৰী বেপাৰীসকলে বিঘাই প্ৰতি ৭০ৰ পৰা ৮০ হেজাৰ টকালৈকে বিনিয়োগ কৰে । অৱশ্যে বতৰ আৰু ব্যৱসায় দুয়োটা অনুকূলে থাকিলে এই বিনিয়োগৰ ধন বিঘাই প্ৰতি এক লাখ ২০ হেজাৰ পৰ্যন্ত বৃদ্ধি হয় ।

বিনিয়োগৰ ক্ষেত্ৰত বৃহৎ পৰিমাণৰ ধন লোকচান হোৱাৰ কথা প্ৰকাশ কৰি পাইকাৰী ব্যৱসায়ীয়ে কয়, ‘পূৰ্বতে কৰাৰ দৰে এইবাৰো আমি খেতিত ধন বিনিয়োগ কৰিছিলো । আশা কৰিছিলো যে মহামাৰী অন্ত হ’ব; কিন্তু নহ’ল, কিন্তু নহ’ল । বিনিয়োগৰ চুক্তি অনুসৰি সময়মতে কুঁহিয়াৰখিনি কাটি বজাৰলৈ আনিব নোৱাৰিলে বিনিয়োগকাৰীৰ লোকচান হ’ল ।’

পৰিতাপৰ কথা যে বিনিয়োগৰ ধন বহু সময়ত ঋণত অথবা কোনোবা বিত্তৱান ব্যৱসায়ীৰ পৰা ধাৰত নিৰ্দিষ্ট সূতত অনা হয় । গতিকে বজাৰ অনুকূলে থাকক বা নাথাকক ঋণ অথবা ধাৰৰ ধননিৰ্দিষ্ট সময়ত ঘূৰাই দিব‌ই লাগে ।’ নিজৰ আৰ্থিক দুৰৱস্থাৰ কথা উল্লেখ কৰি আনহাতে আলীয়ে কয়, ‘পৈতৃক ঘৰ-মাটি বিক্ৰী কৰি প্ৰায় ১০ লাখ টকাৰ ধাৰ পৰিশোধ কৰিছো । আৰু পাঁচ লাখ ধাৰ আছে । ইতিমধ্যে ব্যক্তিগত স্কুলত পঢ়ি থকা নৱম শ্ৰেণীৰ মোৰ পুত্ৰক স্কুল এৰি কামত লগোৱাৰ সিদ্ধান্ত লৈছো । এটা সময়ত এই ব্যৱসায়ক লৈয়েই বহু সপোন ‌দেখিছিলো । এতিয়া চকুৰ আগত কেৱল গৃহহীন এক জীৱন ওলমি থকা দেখা পাওঁ ।’

চলিত বছৰত সম্পূৰ্ণ তলাবন্ধ নিদিলেও মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ অৰ্থে বলৱৎ কৰা আন্তঃজিলা যাতায়তৰ নিষিদ্ধকৰণেও কুঁহিয়াৰ ব্যৱসায়ত যথেষ্ট বিৰূপ প্ৰভাৱ পৰে । কুঁহিয়াৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা হেতুকে চুবুৰীয়া জিলাসমূহৰ পৰাও কুঁহিয়াৰ আমদানি কৰাত যথেষ্ট অসুবিধাত পৰে ।

জালুকবাৰীৰ পাইকাৰী ব্যৱসায়ী ম‌ইনুল হকে কয় যে, পূৰ্বতে অসমত কুঁহিয়াৰ উৎপাদন কম হ’লে চুবুৰীয়া পশ্চিমবংগৰ শিলিগুৰিৰ পৰা আমদানি কৰা হৈছিল । অনুৰূপভাৱে এটা ‘ছিজন’ত অসমৰ উৎপাদন পৰ্যাপ্ত হ’লে শিলিগুৰিৰ ব্যৱসায়ীয়েও ইয়াৰ পৰা কুঁহিয়াৰ লৈ গৈছিল । ম‌ইনুলে কয়, ‘মহামাৰীৰ ফলত আন্তঃজিলা, আন্তৰ্জাতিক আমদানি-ৰপ্তানি সকলো শেষ হ’ল । একপ্ৰকাৰ ক’বলৈ গ’লে কুঁহিয়াৰ ব্যৱসায়ৰ লগত জড়িত আমি সকলো এতিয়া পথৰ ৰসৱালা ।’

Exit mobile version