ডাবত ৰস থাকোতে কৰ’না হ’ল এতিয়া নাৰিকল বিক্ৰী কৰি কি উপাৰ্জন হ’ব !

এফালে কৰ'নাৰ ভয়, আনফালে উপাৰ্জনহীন হৈ মৰাৰ ভয়

Screenshot 163

গ্রীষ্মৰ ৰ’দভৰা দিনবােৰত মহানগৰীৰ পদপথত অথবা ফলমূলৰ দোকানত থােপা-থােপে ওলমাই থােৱা ডাব নাৰিকলৰ থােকে বহুতকে আকর্ষণ কৰে। কোনাবা গাড়ী ৰখাই যদি ডাব নাৰিকলৰ ৰস পান কৰি তৃষ্ণা নিবাৰণ কৰে আন কোনােবাই চিটি বাছৰ পৰা নামিয়েই কাষতে পাই গলাধকৰণ কৰে শৰীৰ শীতলীকৰণ পানীয়।

এনেদৰে কোনােবাই মটৰ চাইকেলত ওলমাই ঘৰলৈ লৈ যােৱা দৃশ্যও সুলভ। গৰমৰ একোপ বাঢ়ি যােৱাৰ লগে লগে বিক্রেতাই ডাব নাৰিকল কাটি আজৰি নােপােৱা দৃশ্যও বহু সময়ত দেখিবলৈ পােৱা যায়। অৱশ্যে এই দৃশ্যবােৰ পূৰ্বৰ দৰেই সুলভ হৈ আছেনে ?

যােৱা দুটা বছৰে মহামাৰী কৰ’নাই বিশেষকৈ পদপথৰ ব্যৱসায়ীসকলক যি ধৰণে ক্ষতিগ্রস্ত কৰিলে তাৰে অন্যতম ভুক্তভােগী হ’ল ডাব নাৰিকল বিক্রেতাসকল।

দীঘলীয়া মহামাৰীয়ে বিধ্বস্ত কৰি পেলােৱা ডাব নাৰিকলৰ ব্যৱসায় সন্দৰ্ভত ‘দৈনিক অগ্রদূত’ৰ আগত গভীৰ বেদনা প্রকাশ কৰি গণেশগুৰিৰ পদপথৰ ব্যৱসায়ী নকুল নাথে কয়, ‘এনেয়ে মৰিছাে ঋষিৰ শপত, তাতে দিছে ধানৰ ভালত—আমাৰ কথাবােৰ তেনেকুৱাই হৈছেগৈ।

এফালে কৰ’নাক্ৰান্ত হৈ মৰাৰ ভয়, আনফালে উপার্জন নাইকিয়া হৈ নাখাই মৰাৰ ভয়। আগতে ব’হাগ, জেঠ, আহাৰ, শাওণ আহিন, এই চাৰি মাহতে বছৰৰ উপার্জন ডাব নাৰিকল বিক্ৰী কৰি উলিয়াব পাৰিছিলাে।

এইবাৰ দিনটো বজাৰত বহি নিশাৰ আহাৰৰ খৰচটোৱে নােলােৱা হ’ল। কৰ’নাই বেপাৰ নিঃশেষ কৰি পেলালে।’ এই বছৰৰ মহামাৰীৰ ফলত ডাব নাৰিকল বিক্ৰী কৰাৰ মূল বতৰেই পাৰ হৈ গ’ল বুলি আক্ষেপ প্রকাশ কৰি নাথে কয়—’এই চাৰি মাহতে ডাব নাৰিকলত ৰস ভৰপূৰ থাকে। এতিয়া ডাব নাৰিকলৰ পানী শুকাই নাৰিকলৰ ৰূপে ল’লেগৈ। বহুতে নাৰিকল খাবলৈ বেয়া পায় আৰু পানী কম থকা বুলিও নলয়। আমাৰনাে আৰু এতিয়া নাৰিকল বিক্ৰী কৰি কি উপার্জন হ’ব।’

আচলতে মহামৰাৰীৰ ধুমুহাই কেৱল নকুলে নাথৰ দৰে এজন ব্যৱসায়ীকেই বিধ্বস্ত কৰিছে তেনেকুৱা নহয়। সামগ্রিকভাৱে মহানগৰীত ডাব নাৰিকল বিক্রী কৰি দুবেলা-দুমুঠি খাই পৰিয়াল চলােৱা প্ৰত্যেকজন ব্যৱসায়ীকে হতাশাগ্রস্ত কৰি তুলিছে।

পানবজাৰস্থিত নেহৰু পার্ক বাহিৰত ডাব নাৰিকল বিক্ৰী কৰা নৰেশ কুমাৰেও এই কথাকেই প্রতিপন্ন কৰিলে। কুমাৰে কয়, মহামাৰীৰৰ আগৰ কালছােৱাত দুই- তিনি ঠেলা পর্যন্ত দিনত ডাব নাৰিকল বিক্ৰী কৰিছিল।

অতি বেয়া দিনতাে চাৰিশ, পাঁচশ ডাব নাৰিকল বিক্ৰী কৰিছিলাে। এতিয়া পুৱাৰ পৰা আবেলিলৈ ৪০ৰ পৰা ৫০ টালৈহে বিক্রী হয় । ‘মহামাৰীৰ ফলত বহুতে কর্মসংস্থাপন হেৰুৱাই ডাব নাৰিকলৰ ব্যৱসায়ত লাগি যােৱা কাৰণেও পূর্বৰ দৰে এই ব্যৱসায়ত লাভ নাই বুলিও কুমাৰে আক্ষেপ প্রকাশ কৰে।

ছবিগৃহ, বিনােদন উদ্যান, হােটেল, ৰেস্তোৰাঁ, বিদ্যালয়, মহাবিদ্যালয়ৰ লগতে বিশ্ববিদ্যালয়সমূহ পূর্বৰ দৰে স্বাভাৱিক গতিত নােখােলা পর্যন্ত ডাব নাৰিকলৰ ব্যৱসায় সম্পূর্ণ মন্দাৱস্থাত থাকিব বুলিও কুমাৰে কয়। ইফালে, আন্তঃজিলা যাতায়াত ওপৰত নিষেধাজ্ঞা আৰােপ কৰা বাবেও ব্যৱসায়ত যথেষ্ট প্রভাৱ পৰিছে বুলি মত প্রকাশ কৰি ফাঁচীবজাৰৰ পাইকাৰী ব্যৱসায়ী সুবােধ বিশ্বাসে কয় যে পূর্বতে মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলালৈ ডাব নাৰিকল যােগান ধৰিও মাহে কোটি টকাৰ ব্যৱসায় হৈছিল যদিও বর্তমান নিজেও কেৱল খুচুৰা বিক্রেতাৰ দৰেই সীমিত পৰিমাণৰ ব্যৱসায় কৰিবলগীয়া হৈছে।

বিশ্বাসে কয় যে সম্প্রতি বহু কম পৰিমাণে মেঘালয়ৰ পৰা ডাব নাৰিকল আমদানি কৰি থকা হৈছে যদিও বজাৰ স্বাভাৱিক গতিত চলি থকা হেতুকে এয়াও নির্দিষ্ট সময়ত বিক্ৰী নহয়।

তেওঁ লগতে কয়, “মহামাৰীৰ আগত খুচুৰা বিক্রেতাসকলে ডাব নাৰিকলৰ যােৰা ৫০ৰ পৰা ৬০ টকাত গ্রাহকক দিব পাৰিছিল। এতিয়া যােৰা এশ টকাত বিক্ৰী কৰিবলগীয়া হৈছে। পেট্র’লৰ দাম বৃদ্ধিৰ ফলত গাড়ী ভাড়াও বৃদ্ধি হৈছে; কিন্তু এই অনুপাতে বিক্রী বৃদ্ধি হােৱা নাই ৷ পূৰ্বতে যি পৰিমাণৰ নাৰিকল এদিনত বিক্রী হৈছিল এতিয়া এসপ্তাহতাে বিক্রী নহয় ।”

Exit mobile version