দুৰ্গাপূজাক লৈ সচেতন ৰাজ্য চৰকাৰ, ঘোষণা কৰিলে এছঅ’পি

E3DHbdWUUAQ2Swr

সমাগত দুৰ্গাপূজাক লৈ সচেতন হৈছে ৰাজ্য চৰকাৰ । আজি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই সন্দৰ্ভত এক সংবাদ মেল আয়োজন কৰে । স্বাস্থ্য মন্ত্ৰী মহন্ত‌ই কয়, ‘মাংগলিক কাৰ্যত সকলোৱে অংশগ্ৰহণ কৰক কিন্তু মেলামুখী পূজা বৰ্জন কৰক ।’ শাৰদীয় দুৰ্গাপূজাক লৈ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কে’বাটাও নীতি-নিয়ম জাৰি কৰে ।

নিয়মাৱলীসমূহ হৈছে –
● পূজা সম্পৰ্কে সমিতিৰ লগত আগতীয়াকৈ আলোচনা কৰিব জিলা প্ৰশাসনে ।
● পূজাৰ মণ্ডপ আহল-বহল হ’ব লাগিব ।
● মণ্ডপত প্ৰৱেশ আৰু প্ৰস্থান দ্বাৰ পৃথক হ’ব লাগিব ।
● প্ৰতিমাৰ আকাৰ ডাঙৰ হ’ব নোৱাৰিব ।
● পূজাৰীসকলে প্ৰতিষেধক গ্ৰহণ লোৱাটো বাধ্যতামূলক ।
● দৰ্শনাৰ্থীয়ে এপালি হ’লেও প্ৰতিষেধক ল’ব লাগিব ।
● পূজাস্থলীৰ কাষত দোকান বহিব নোৱাৰিব ।
● উদ্বোধনী আৰু বিসৰ্জনত ভিৰ হ’ব নোৱাৰিব ।
● দশমীৰ সন্ধিয়া অথবা পাছত ক’ভিড পৰীক্ষণ কৰাব লাগিব ।

Exit mobile version