এইবাৰাে দীপাৱলীত দিল্লীত আতচবাজীত নিষেধাজ্ঞা

1595695787 1591709120 arvind kejriwal 1

দেশৰ ৰাজধানী দিল্লীত যােৱা বছৰৰ দৰে এইবছৰাে দীপাৱলীত ফটকা বিক্রী, মজুতকৰণ আৰু আতচবাজীত নিষেধাজ্ঞা আৰােপ কৰা হ’ল।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে টুইটাৰৰ জৰিয়তে এই সিদ্ধান্তৰ কথা ঘােষণা কৰে। মুখ্যমন্ত্রীজনে প্রকাশ কৰা অনুসৰি, দেশৰ ৰাজধানী চহৰখনত অব্যাহত থকা বর্ধিত বায়ু প্ৰদূষণৰ প্রতি লক্ষ্য ৰাখি দীপাৱলীত আতচবাজীত নিষেধাজ্ঞা আৰােপৰ সিদ্ধান্ত লােৱা হৈছে।

টুইটত কেজৰিৱালে কয়, ‘বিগত তিনি বছৰ ধৰি দীপাৱলীৰ সময়ত দিল্লীত হােৱা ভয়াৱহ বায়ু প্ৰদূষণৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি যােৱা বছৰৰ দৰে এইবাৰাে সকলাে ধৰণৰ ফটকাৰ মজুত, বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰােপকৰা হ’ল। ইয়াৰ জৰিয়তে মানুহৰ জীৱন ৰক্ষা সম্ভৱ হ’ব।’

Exit mobile version