হৃদৰোগৰ শংকা আছে নেকি ? বুঢ়া আঙুলিৰ পৰীক্ষা কৰি জানিব পাৰিব

aortic aneurysm thumb test

হৃদযন্ত্ৰৰ পৰা পাকস্থলী হৈ যি ধমনী শৰীৰৰ নিম্নভাগত নামি গৈছে, সমানে সমানেই আছে এটা ফোলা অংশ । সাধাৰণতে ইয়াৰ বাবে কোনো সমস্যা নহয়, কিন্তু কোনো কোনোৰ ক্ষেত্রত এই অংশটো অধিক মাত্রাত ফুলি যায় । এসময়ত ফাটি যাব‌ও পাৰে । ই হৃদযন্ত্রৰ সমস্যাৰ কাৰণ হৈ দেখা দিয়ে । দ্রুত চিকিৎসা নকৰিলে হৃদৰোগত আক্রান্ত হৈ ৰোগীৰ মৃত্যু পর্যন্ত হ’ব পাৰে ।

চিকিৎসাৰ পৰিভাষাত এই সমস্যাক ‘এবডোমিনেল এয়ৰটিক এনিউৰিজম’ বুলি কোৱা হয় । এই সমস্যাই জটিল ৰূপ লোৱাৰ আগতে ইয়াক ধৰা পেলাব পৰা নাযায় । ধৰা  পৰিলেও ৰোগীক বচাবলৈ খুব কম সময় থাকে । প্রায় ৮০ শতাংশ ৰোগীৰেই মৃত্যু হয় এই অসুখত । কিন্তু সম্প্ৰতি এই সমস্যাৰ আগৰ পৰাই গ’ম পোৱা সম্ভৱ । এয়া সম্ভৱ বুঢ়া আঙুলিৰ সাধাৰণ এটি পৰীক্ষা কৰি ।

সম্প্রতি আমেৰিকাৰ ‘জার্নেল অৱ কার্ডিয়’লজি’ত প্রকাশিত এটি গৱেষণাপত্রত এনেদৰেই দাবী কৰিছে চিকিৎসকসকলে । তেওঁলোকে ৩০৫ জন ৰোগীৰ ক্ষেত্রত এটা সহজ পৰীক্ষাৰ জৰিয়তে পাইছে যে, ‘এবডোমিনেল এয়ৰটিক এনিউৰিজম’ৰ সমস্যাৰ বহু আগৰ পৰাই ধৰা পেলোৱা সম্ভৱ ।

কেনেকে পৰীক্ষাটো কৰিব ?

বাওঁ হাতৰ বুঢ়া আঙুলি তলুৱাৰ লৈকে প্রসাৰিত কৰক । যিমান দূৰৰ লৈকে পাৰে প্ৰসাৰিত কৰক । যদি তলুৱাৰ ভিতৰতেই আপুনাৰ বুঢ়া আঙুলিটো থাকি যায়, তেনেহ’লে উদ্বেগৰ কাৰণ নাই । কিন্তু যদি বুঢ়া আঙুলিৰ শীর্ষভাগ তলুৱাৰ সীমা অতিক্রম কৰি যায়, তেনেহ’লে বুজিব, আপুনাৰ ‘এবডোমিনেল এয়ৰটিক এনিউৰিজম’ৰ সমস্যা থাকিব‌ও পাৰে ।

কিয় হয় ?

‘এবডোমিনেল এয়ৰটিক এনিউৰিজম’ৰ সমস্যাত ভুগাসকলৰ পেশী আৰু হাড়ৰ সংযোগ স্থলবোৰ শিথিল হৈ যায় । ফলত কোনো বিষ বা অস্বস্তি নোহোৱাকৈ বুঢ়া আঙুলটো তলুৱাৰ সমানে টানি বহু দূৰলৈকে লৈ যাব পাৰি ।

ভবিষ্যতে বুঢ়া আঙুলি আৰু তলুৱাৰ এই পৰীক্ষণে আগৰ পৰাই ‘এবডোমিনেল এয়লটিক এনিউৰিজম’ৰ পূর্বাভাস দিব পাৰিব এবং ৰোগীৰ মৃত্যু আশংকা বহু পৰিমাণে হ্ৰাস পাব বুলি দাবী গৱেষকদেসকলৰ ।

চিকিৎসকসকলে এই বিষয়ত কি কয় ?

এছএছকেএম-ৰ হৃদৰোগ বিভাগৰ অধ্যাপক চিকিৎসক সৰোজ মণ্ডলকেএই বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয়, ‘এবডোমিনেল এয়ৰটিক এনিউৰিজম’ৰ বিষয়ে কয়, ‘‘বহুতকে তলুৱাৰ বাহিৰত বুঢ়া আঙুল টিনি বাহিৰ কৰিব পৰা দেখা যায় । ‘মাৰফান ছিন্ড্র’ম’ নামক এটা সমস্যাৰো লক্ষণ এইটো । এই সমস্যা থাকিলে বহুতে অতিৰিক্ত দীঘল হয় বা পেশী বা হাড়ৰ সংযোগস্থল অতিৰিক্ত নমনীয় হৈ যায় । ইয়াৰ অৰ্থ এইটো নহয় যে, তেওঁ ‘এবডোমিনেল এয়ৰটিক এনিউৰিজম’ত আক্রান্ত ।’’

সৰোজৰ মতে, ‘এবডোমিনেল এয়ৰটিক এনিউৰিজম’ৰ মূল কাৰণ ধূমপান আৰু মানসিক চাপ । এই দুটা ত্যাগ কৰিব পাৰিলে, এই ৰোগৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পাৰি ।

Exit mobile version