অস্ত্ৰোপচাৰ নকৰাকৈ সম্ভৱ পেচমেকাৰ স্থাপন

পাঁচ গ্ৰাম ওজনৰ পেচমেকাৰে আনিছে ৰোগীসকললৈ আশাৰ ৰেঙণি

কাৰ্ডিয়েক বিজ্ঞানৰ ক্ষেত্ৰত শেহতীয়াকৈ আবিষ্কাৰ হৈছে উন্নত প্ৰযুক্তিৰ চিকিৎসা পদ্ধতি । বুকুত ছিদ্ৰ নকৰাকৈ অভিনৱ পদ্ধতিৰে সম্ভৱ হৈছে পেচমেকাৰ স্থাপন । এই ভাষ্য চাকেত মেক্স হাস্পতালৰ কাৰ্ডিয়েক ছায়ন্সেছৰ অধ্যক্ষ ডাঃ বলবীৰ সিঙৰ । শনিবাৰে গুৱাহাটীৰ হোটেল গেটৱে গ্ৰেণ্ডীঅ’ৰত এক সংবাদমেল সম্বোধন কৰি হৃদযন্ত্ৰৰ ৰোগ, ৰোগৰ শেহতীয়া উন্নত প্ৰযুক্তিৰ চিকিৎসা সন্দৰ্ভত তেওঁ এইদৰে কয় ।

তেওঁ কয়, ‘ভাৰতবৰ্ষত বছৰি যিমান সংখ্যক লোকৰ অকাল মৃত্যু হয় তাৰ ৫০ শতাংশ হৈছে হৃদযন্ত্ৰৰ বিভিন্ন ৰোগৰ ফলত হোৱা মৃত্যু । আচৰ্যৰ কথা যে এইসকলৰ ভিতৰত ২৫-৪০ বছৰ বয়সৰ লোকৰ সংখ্যা সৰ্বাধিক । লক্ষণহীন হাৰ্ট এটেক সাধাৰণতে ২০ ৰ পৰা ৩০ বছৰৰ আৰম্ভণিতে লক্ষণ দেখুৱাই, যি ৪০ বয়সৰ আশে পাশে মাৰাত্মক হৈ পৰে ।

এনে এক লক্ষণ দেখা দিছিল গুৱাহাটীৰ এজন ২৬ বছৰীয়া যুৱকৰ । যি হঠাৎ দুবাৰকৈ ব্লেকআউট হৈ অচেতন হৈছিল । ই চি জি আৰু এম আৰ আই কৰাৰ পিছত গম পোৱা গ’ল যে তেওঁ লং কিউটি চিন্দ্ৰম নামৰ এক বিৰল ৰোগত আক্ৰান্ত হৈছে । তেওঁৰ ৰোগ সময়মতে ধৰা পেলাই চিকিৎসা কৰা হয় । আমি ঔষধৰ সৈতে তেওঁক ইম্প্লেনটেবল ডিফীব্ৰিলেটৰ ব্যৱহাৰ কৰো ।

এই অভিনৱ পদ্ধতিয়ে ৰোগীজনক হঠাতে হৃদযন্ত্ৰ বিকল হৈ হ’ব পৰা মৃত্যু প্ৰতিহত কৰিব । শেহতীয়াকৈ আমি বিশ্বৰ আটাইতকৈ সৰু পেচমেকাৰ মাইক্ৰা এভি স্থাপন কৰিছো । ই হৈছে পেচমেকাৰ প্ৰযুক্তিৰ এক বৈপ্লৱিক সংস্কাৰ । মাত্ৰ পাঁচ গ্ৰাম ওজনৰ এই পেচমেকাৰটোৰ বেটাৰীৰ জীৱণকাল হৈছে ১৫ বছৰ । ইয়াৰ আছে দ্বৈত চেম্বাৰ ক্ষমতা । পৰম্পৰাগত পেচমেকাৰৰ তুলনাত মাইক্ৰাৰ ব্যৱহাৰে ৬৩ শতাংশ জটিলতা দূৰ কৰে ।

মাইক্ৰা এভি এম আৰ আই সুসংগত আৰু ইয়াত কোনো লীড নাথাকে । ইয়াক ভৰিৰ শিৰাৰ জৰিয়তে হৃদযন্ত্ৰত সংস্থাপন কৰা হয় । যাৰ ফলত বুকুত ছিদ্ৰ কৰাৰ প্ৰয়োজনীয়তা নাথাকে আৰু সংক্ৰমণৰ সম্ভাৱনাও নাথাকে ।মাইক্ৰা এভি ডিভাইচটো হৃদযন্ত্ৰৰ ভিতৰত সম্পূৰ্ণৰূপে স্বয়ংসম্পূৰ্ন । যাৰ ফলত বুকুৰ ছিদ্ৰ আৰু পৰম্পৰাগত পেচমেকাৰৰ পৰা হৃদযন্ত্ৰলৈ যোৱা তাঁৰৰ পৰা উদ্ভৱ হব পৰা যিকোনো সাম্ভাব্য চিকিৎসীয় জটিলতা আঁতৰ কৰে । বেছিভাগ ৰোগীৰ বাবে মাইক্ৰা ডিজাইনৰ ফলত কম চিকিৎসাজনিত জটিলতা হোৱাৰ লগতে ইমপ্লান্তৰ পাছত কাৰ্যকলাপৰ সীমাবদ্ধতাও কমিছে ।’

Exit mobile version