তিনিচুকীয়াত উপস্থিত অভিভাৱক মন্ত্ৰী অতুল বৰা

তিনিচুকীয়াত উপস্থিত অভিভাৱক মন্ত্ৰী অতুল বৰা । মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ক’ভিড-১৯ বিধৱা সাহাৰ্য আঁচনিৰ অধীনত তিনিচুকীয়া জিলাৰ ক’ভিডত প্ৰাণ হেৰুওৱা ব্যক্তিৰ ১৮ গৰাকী বিধৱা মহিলাক ২.৫০ লাখ টকাকৈ চেক প্ৰদান কৰে ৷

পৰৱৰ্তী সময়ত জিলাখনৰ ক’ভিড-১৯ৰ পৰিস্থিতিৰ সন্দৰ্ভত বিশ্লেষণ কৰাৰ লগতে জিলাখনৰ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ স’তে জিলাখনৰ সমস্যাৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয় ৷

Exit mobile version