প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ উপহাৰৰ নিলামী

6tl3ltm8 neeraj chopra with

চৰকাৰে চলিত বৰ্ষৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ উপহাৰ নিলাম কৰিছে, ইয়াৰ ভিতৰত আছে টকিঅ’ অলিম্পিকৰ নীৰজ চোপ্ৰাৰ জেভলিন, বক্সাৰ লাভলিনা বৰগোহাঁইৰ গ্ল’ভছ আৰু শ্বাটলাৰ পি ভি সিদ্ধুৰ বেডমিণ্টন ৰেকেট ।

২১ অক্টোবৰ ২০২১ পৰ্যন্ত হ’বলগীয়া ই-নিলামত প্ৰায় ১,৩৩০ টা নিদৰ্শন দৰপত্ৰৰ বাবে আছে । প্ৰেছ ইনফৰমেচন বিউৰ’ৰ অনুসৰি, আটাইতকৈ ব্যয়বহুল সামগ্ৰীটো হৈছে নীৰজ চোপ্ৰাৰ জেভলিন ইয়াৰ মূল্য এক কোটি টকাৰ পৰা আৰম্ভ কৰা হৈছে আৰু সৰ্বনিম্ন হৈছে এটা আলংকাৰিক হাতী, যাৰ মূল্য দুশ টকা ।

নিলামৰ পৰা প্ৰাপ্ত অৰ্থ নমামি গংগে প্ৰকল্পত ব্যৱহাৰ কৰা হ’ব, এটা সংৰক্ষণ মিছন যাৰ উদ্দেশ্য ‘প্ৰদূষণৰ কাৰ্যকৰী উপশম… আৰু ‌ৰাষ্ট্ৰীয় গংগা পুনৰোজ্জীৱন’ । প্ৰধানমন্ত্ৰী মোদীৰ ৭১তম জন্মদিন উপলক্ষ্যে শুকুৰবাৰে টুইটাৰত নিলামৰ বাবে সামগ্ৰীবোৰৰ তালিকা ঘোষণা কৰিছিল সংস্কৃতি মন্ত্ৰণালয়ে ।

চলিত বৰ্ষত টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিকৰ সময়ত ব্যৱহৃত ক্ৰীড়া সামগ্ৰীবোৰে তালিকাত আধিপত্য বিস্তাৰ কৰিছে ।

পুৰুষ আৰু মহিলা দলৰ সদস্যৰ দ্বাৰা স্বাক্ষৰিত হকী ষ্টিক আৰু পেৰালিম্পিকত স্বৰ্ণ পদক জয়ী প্ৰমোদ ভগত আৰু কৃষ্ণ নাগৰ আৰু ৰূপৰ পদক জয়ী সুহাশ য়থিৰাজৰ বেডমিণ্টন ৰেকেট হৈছে অন্যতম । লগতে স্বৰ্ণপদক প্ৰাপ্ত সুমিত এণ্টিলৰ জেভলিন আৰু মনীষ নাৰৱালৰ শ্বাৰ্প শ্বুটিং চশমাও আছে ।

মূল্য :

www.pmmmentos.gov.in ৱেবছাইটৰ অনুসৰি, এই প্ৰতিবেদন প্ৰকাশৰ সময়ত নীৰজ চোপ্ৰাৰ জেভলিনৰ মূল্য ১০ কোটি টকা পৰ্যন্ত হৈছে ।

ৰূপৰ পদক জয়ী লাভলিনা বৰগোহাঁইৰ বক্সিং গ্ল’ভছৰ মূল্য ৮০ লাখৰ পৰা আৰম্ভ হৈ ১০ কোটি টকা হৈছে ।

সুমিত এণ্টিলৰ জেভলিনৰ মূল্য তিনি কোটি টকাৰ বিপৰীতে পি ভি সিদ্ধুৰ বেডমিণ্টন ৰেকেটৰ মূল্য হৈছে ২.০২ কোটি । মহিলা দলৰ হকী ষ্টিক আৰু এটা কমলা ৰঙৰ অংগবস্ত্ৰ (সুতি কাপোৰ) প্ৰত্যেকৰ মূল্য এক কোটি ।

৫০ লাখ টকাৰ ওপৰত দৰ পোৱা সামগ্ৰীসমূহ হৈছে প্ৰমোদ ভগতৰ বেডমিণ্টন ৰেকেট (৯০ লাখ টকা), কৃষ্ণা নাগৰৰ ৰেকেট (৯০ লাখ টকা), পুৰুষ দলৰ হকী ষ্টিক (৮০ লাখ), পেৰালিম্পিকত ৰূপৰ পদকপ্ৰাপ্ত যোগেশ খাতুনিয়াৰ ডিস্কাছ (৫০ লাখ টকা) ।

যিসমূহ সামগ্ৰীয়ে এই পৰ্যন্ত প্ৰথম নিলামী পোৱা নাই তাৰ ভিতৰত আছে টকিঅ’ পেৰালিম্পিক আৰু অলিম্পিক দলৰ স্বাক্ষৰিত ষ্টোল, যাৰ মূল্য ৯০ লাখ টকা আৰু অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা ভৱানী দেৱীৰ ব্যৱহৃত ফেন্স, ইয়াৰ মূল্য ৬০ লাখ টকা ।

পেৰালিম্পিকত স্বৰ্ণপদক জয়ী শ্বুটাৰ মনীষ নৰৱালৰ টি-শ্বাৰ্টে ২০.১ লাখ টকা আৰু শ্বুটাৰ অবনী লেখাৰা আৰু টেবল টেনিছ খেলুৱৈ ভাৱনা পেটেল – যিয়ে ২০২০ পেৰালিম্পিকত যথাক্ৰমে সোণ আৰু ৰূপৰ পদক জয় কৰিছিল তেওঁলোকৰ সমগ্ৰীবোৰে এই পৰ্যন্ত নিলামী পোৱা নাই । তেওঁলোকৰ সামগ্ৰীসমূহৰ প্ৰাৰম্ভিক মূল্য হৈছে ১৫ লাখ টকা ।

Exit mobile version