শিক্ষামন্ত্ৰী গ’ বেক-অসম চৰকাৰ গ’ বেক ধ্বনি

বাগসাৰ ছলিকান্দাত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ আমছুৰ

বাগসা জিলাৰ শালবাৰীৰ ছলিকান্দা বজাৰত আজি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে বাগসা জিলা আমছুৱে ৷ শেহতীয়াকৈ শিক্ষাৰ্থীয়ে মহাবিদ্যালয়ৰ আসন পূৰণ হোৱাৰ বাবে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত আৰু স্নাতক প্ৰথম ষান্মাসিকত নামভৰ্তি কৰিব পৰা নাই বুলি আমছুৱে দাবী উত্থাপন কৰে ।

দলটোৱে আসন বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে যোৱা ১৫ ছেপ্টেম্বৰত অসম চৰকাৰে প্ৰকাশ কৰা টে’ট পৰীক্ষাৰ পৰীক্ষা কেন্দ্ৰৰ তালিকাত বৰপেটা, বজালী, ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা-মানকাচাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জকে আদি কৰি জিলাকেইখনত এটাও পৰীক্ষা কেন্দ্ৰ স্থাপন নকৰাৰ বাবে গৰিহণা দিয়ে ।

আজি আমছু নেতা কৰ্মীসকলে ৰণোজ পেগু মুৰ্দাবাদ,‌ ৰণোজ পেগু হায় হায়, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ গ’ বেক, সকলো জিলাতে টে’ট পৰীক্ষাৰ কেন্দ্ৰ লাগিবই আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰাৰ লগতে একে স্থানতে শিক্ষামন্ত্ৰীগৰাকীৰ পুত্তলিকাও দাহ কৰে‌ ৷

এই দুয়োটা সমস্যাই অসমৰ পিছপৰা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক বিশেষভাৱে ক্ষতি সাধন কৰিব বুলি মন্তব্য প্ৰকাশ কৰে আমছুে ৷ অন্যথা আমছুৱে ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰে ।

Exit mobile version