স্থানীয় ৰোগত পৰিণত হ’ব পাৰে কৰ’না

coronavirus 2

আগান্তুক ছমাহৰ ভিতৰত ভাৰতত কৰ’না অতিমাৰীয়ে চৰিত্র হেৰুৱাই স্থানীয় ৰোগত পৰিণত হোৱাৰ সম্ভাৱনা প্রকাশ কৰিলে নেচনাল চেন্টাৰ ফৰ ডিজিজ কন্ট্র’লৰ (এনচিডিচি) বিষয়া সুজিত সিঙে । অর্থাৎ, সম্প্ৰতি কৰ’না অতিমাৰী যি ৰূপত আছে সেয়া আগান্তুক ছমাহৰ ভিতৰত জ্বৰ, ডেংগী, মেলেৰিয়াৰ দৰে স্থানীয় ৰোগত পৰিণত হ’ব ।

চলিত বৰ্ষৰ শেষৰ ফালে কৰ’নাৰ তৃতীয় ঢৌ অহাৰ সম্ভাৱনা আছে বুলি শংকা প্রকাশ কৰিছে বহু বিশেষজ্ঞ‌ই । দক্ষিণৰ কেৰালা, পশ্চিমৰ মহাৰাষ্ট্র আৰু উত্তৰ পূর্বৰ মিজোৰাম-এই ৰাজ্যসমূহৰ পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰ । সম্প্ৰতি দেশৰ ৩৪ খন জিলাত ১০ শতাংশৰ অধিক আৰু ৩২খন জিলাত পাঁচ শতাংশৰ অধিক কৰ’না সংক্রমণ হৈছে । অন্যান্য জিলাসমূহত সংক্রমণ পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি দাবী কৰিছে কেন্দ্র‌ই । যদিও সুজিত সিঙৰ মতে, ‘‘পৰিস্থিতি নিয়ন্ত্ৰণত থাকিলেও, আসন্ন উৎসৱৰ বতৰে আমাক চিন্তিত কৰিছে । দেশৰ জনসাধাৰণে এই বছৰ অন্ততঃ ঘৰতেই উৎসৱ পালন কৰা উচিত ।’’

সুজিতৰ মতে, দ্বিতীয় ঢৌত বহু পৰিমাণে দুৰ্বল হৈছে কৰ’না ভাইৰাছ । পৰৱর্তী সময়ত তৈয়াৰ হোৱা কৰ’না ভাইৰাছৰ নতুন প্রজাতিবোৰ সংক্রমণৰ বাবে সিমান শক্তিশালী নহয় । যিকোনো অতিমাৰীয়ে এটা জনসংখ্যাৰ বৃহত্তৰ অংশক সংক্রমিত কৰাৰ পাছত স্থানীয় ৰোগত পৰিণত হয় । কৰ’না সেই পথতেই আছে । পুনৰ নতুন ঢৌ নাহিলে আগন্তুক দিনত কৰ’না এটা সাধাৰণ ৰোগত পৰিণত হ’ব বুলি ধাৰণা কৰিছে সুজিতে । বিশেষকৈ ৰোগী মৃত্যুৰ হাৰ যদি একেবাৰে কমাই দিব পাৰি, তেন্তে কৰ’না সংক্রমণক লৈ আগন্তুক দিনত ভয় কৰাৰ কোনো কাৰণ নাথাকিব ।

কৰ’না প্ৰতিৰোধ কৰিবলৈ মূলতঃ টিকাকৰণৰ ওপৰতেই জোৰ দিছে সুজিত সিঙে । তেওঁৰ মতে, ইতিমধ্যে দেশৰ ৭৫ কোটি মানুহে প্ৰতিষেধক গ্ৰহণ কৰিছে । যদি প্রতিষেধকৰ কার্যকাৰিতা ৭০ শতাংশ ধৰি লোৱা হয়, তেন্তে প্ৰায় ৫০ কোটি মানুহৰ দেহত কৰ’নাৰ বিৰুদ্ধে ৰোগ প্রতিৰোধ ক্ষমতা তৈয়াৰ হৈছে । প্রতিষেধক গ্ৰহণ কৰাৰ পাছতো যে বহুতে কৰ’নাত সংক্রমিত হৈছে সেই কথা স্বীকাৰ কৰিছে সুজিতে । তেওঁ কয়, ‘‘টিকা গ্ৰহণ কৰাৰ পাছত বহুতে আক্রান্ত হৈছে । এই ব্রেক থ্রু ইনফেকচন-ৰ কাৰণ কৰ’নাৰ নতুন প্রজাতিৰ ভাইৰাছ । কাৰণ টিকা গ্ৰহণ কৰাৰ ৭০-১০০ দিন পাছত শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা কমি থাকে । সেয়ে টিকা লোৱাৰ পআছতো কৰ’না বিধি মানি চলা আৱশ্যক ।’’

স্বাস্থ্য কৰ্মীসকলৰ মতে, সম্প্ৰতি দেশত নতুন কোনো কৰ’না ভাইৰাছৰ প্রজাতিৰ সন্ধান পোৱা নাই । দক্ষিণ আমেৰিকাত যি নতুন প্রজাতি মিউৰ সংক্রমণ হৈছে, এই পৰ্যন্ত তাৰ ভাৰতত উপস্থিতিৰ প্রমাণ পোৱা নাই । সুজিতৰ মতে, কেৱল নতুন কোনো প্রজাতিয়ে ভাৰতত সংক্রমণৰ তৃতীয় ঢৌ আনিব নোৱাৰে । ইয়াৰ লগতে ক’ভিড বিধি মানি চলা, টিকাকৰণৰ পআছত শৰীৰত কিমান পৰিমাণে ৰোগ প্রতিৰোধ ক্ষমতা থাকি যায় আৰু উৎসৱৰ বতৰত দেশৰ মানুহে নিয়ম অৱলম্বন কৰিছে নে নাই তাৰ ওপৰতো তৃতীয় ঢৌৰ সম্ভাৱনাই বহু পৰিমাণে নির্ভৰ কৰে ।

Exit mobile version