অ’টিটিত ভৰি দিব ৰণবীৰে

Ranbir Kapoor

চাৰিখন সৰু সৰু প্ৰেমৰ ছবি। তাতেই দেখা যাব ৰণবীৰ কাপুৰক। সম্প্রতি নায়কজনে ‘ইৰ’জ নাও’ৰ স’তে হাত মিলাইছে। বলিউদত এই চর্চা চলিছে যদিও ৰণবীৰ বা প্রযােজক সংস্থাটোৰ তৰফৰ পৰা এতিয়াও এই বিষয়ত কোনাে কথা সদৰী কৰা নাই।

ADVERTISEMENT

জনা গৈছে যে প্রযােজকসকলে ইতিমধ্যে ৰণবীৰক এই প্রস্তাৱ দিছে। ‘ইৰ’জ নাও’ৰ এই এন্থ’লজীত তেওঁলােকে ৰণবীকে বিচাৰিছে। এন্থ’লজীৰ নাম হৈছে ‘এইছা ৱাছা প্যাৰ’। য’ত চাৰিটা প্রেম কাহিনী দেখুওৱা হ’ব।

এই গল্পসমূহত কোনাে প্রকাৰে ইটোৰ স’তে সিটোৰ যােগসূত্র থাকিব। ইয়াৰ পূর্বে শুনা গৈছিল যে নেট নেটফ্লিক্সৰ মাধ্যমেৰে বলিউদৰ ‘ৰকষ্টাৰ’ৰ অ’টিটিত প্ৰৱেশ ঘটিব।

অৱশ্যে এতিয়া অটিটি মঞ্চ সলনি হােৱাৰে খবৰ শুনা গৈছে। উল্লেখ্য যে দীর্ঘদিন ধৰিয়ে ৰণবীৰ ৰূপালী পর্দাৰ পৰা আঁতৰি আছে। এতিয়া বলিউদৰ কাছান’ভাৰ প্রত্যাৱর্তন অ’টিটিত হ’লে তেওঁৰ অনুৰাগীসকল যথেষ্ট সুখী হ’ব।

উল্লেখ্য যে ৰণবীৰৰ তিনিখন ছবি সম্প্রতি মুক্তিৰ অপেক্ষাত আছে। অয়ন মুখার্জী পৰিচালিত ‘ব্রহ্মাস্ত্ৰ’ত তেওঁৰ বিপৰীতে দেখা যাব প্রেমিকা আলিয়া ভাট। লগতে অভিনয় কৰিছে অমিতাভ বচ্চন আৰু মৌনি ৰয়ে।

বাণী কাপুৰৰ স’তে ‘ছমছেৰা’তাে অভিনয় কৰিছে ৰণবীৰে। ইয়াৰ উপৰি লাভ ৰঞ্জনে পৰিচালনা কৰা এখন ছবিতাে আগন্তুক দিনত দেখা যাব ৰণবীৰক।

Exit mobile version