হাস্পতালৰ নিৰাপত্তাৰক্ষীৰ দ্বাৰা নিৰ্যাতিত স্বাস্থ্যমন্ত্রী ! অভিযোগ শুনি ক্ষুব্ধ প্ৰধানমন্ত্ৰী মোদী

navbharat times 2

নিৰাপত্তাৰক্ষীৰ হাতত নিৰ্যাতিত হ’ল কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডব্য । বিস্ফোৰক অভিযোগ কৰিলে মন্ত্রীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে জনায় যে ছফদৰজং হাস্পাতাল ভ্ৰমণৰ সময়ত এই অভিজ্ঞতা হৈছে তেওঁৰ ।

যোৱা বৃহস্পতিবাৰে সেই হাস্পতালত চাৰিটা নতুন স্বাস্থ্য বিভাগৰ উদ্বোধন কৰিব গৈছিল মাণ্ডব্য‌য় । তেওঁ হাস্পাতালৰ ভিতৰভাগ পৰিদর্শন কৰিবলৈ যায় । কিন্তু নিৰাপত্তাৰক্ষীজনে তেওঁক চিনি নাপায় । তেওঁ মাণ্ডব্যক সাধাৰণ ৰোগী বুলি ভাবি তেওঁৰ লগত দুর্ব্যৱহাৰ কৰে । তেওঁৰ ‘অপৰাধ’ তেওঁ এখন বেঞ্চত বহিব বিচাৰিছিল । তেতিয়াই নিৰাপত্তাৰক্ষীজনে তেওঁক আঘাত কৰে ।

এই ঘটনাত তেওঁ অসন্তুষ্ট হৈছে বুলি জনায় স্বাস্থ্যমন্ত্রীজনে । হাস্পতালৰ পৰিৱেশ দেখিও তেওঁ অসন্তুষ্ট । ‘কোৱালিটী কি বাত’ নামৰ এটা বুকলেট আৰু নতুন বিভাগবোৰৰ উদ্বোধন কৰাৰ সময়ত মঞ্চত সকলোৰে সন্মুখত তেওঁ নিজৰ অভিজ্ঞতাৰ কথা দাঙি ধৰে । লগতে তেওঁ অভিযোগ কৰে, গোটেই হাস্পতালত প্রায় হেজাৰজন নিৰাপত্তাৰক্ষী থকা সত্ত্বেও এজনকো তেওঁ বয়স্ক মহিলাসকলক সহায় কৰা নেদেখিলে । অৱশ্যে হাস্পতালৰ স্বাস্থ্যকর্মীসকলৰ ব্যৱহাৰত তেওঁ সন্তুষ্ট, সেয়াও জনায় স্বাস্থ্য মন্ত্রীগৰাকীয়ে । তেওঁৰ মতে, হাস্পতালৰ সাধাৰণ কর্মী আৰু স্বাস্থ্যকর্মীসকল হৈছে একেই মুদ্রাৰ দুটা পিঠি । তেওঁলোকে এটা দল হিচাপে কাম কৰা উচিত বুলি জনায় মাণ্ডব্যয় ।

স্বাস্থ্য মন্ত্রীগৰাকীয়ে জনায়, তেওঁ প্রধানমন্ত্রীকো ঘটনাটোৰ বিষয়ে জনাইছে । প্রধানমন্ত্রীয়েও তেওঁৰ অভিজ্ঞতাৰ কথা জানি মানসিকভাৱে আহত হৈছে । অৱশ্যে সেই নিৰাপত্তাৰক্ষীজনক নিলম্বন কৰা হোৱা নাই বুলি জনাইছে স্বাস্থ্যমন্ত্রীগৰাকীয়ে । মাণ্ডব্যয় জনায়, কোনো ব্যক্তিবিশেষ নহয়, সামগ্রিক ব্যৱস্থাটোৱে সলনি কৰা তেওঁৰ লক্ষ্য । সেয়ে এই বিষয়ত সকলোকে সচেতন কৰাই তেওঁৰ লক্ষ্য বুলি জনাইছে স্বাস্থ্য মন্ত্রীগৰাকীয়ে ।

Exit mobile version