তালিবানি ফতোৱাৰ বিৰুদ্ধে প্ৰতিবাদ, কাবুলত শ্ৰেণী বৰ্জন ছাত্ৰসকলৰ

1632039749 new project 46

আফগানিস্তানে দখল কৰাৰ পাছত অবশেষত ল’ৰাৰ স্কুল খুলিছে তালিবানে । শ্ৰেণীও আৰম্ভ হৈছে । কিন্তু ছোৱালীৰ স্কুল এতিয়াও বন্ধ । মহিলাসকলে কেতিয়া পুনৰ বিদ্যালয়ত যোৱাৰ অনুমতি পাব তাৰ নিশ্চয়তা নাই । এই ঘটনাৰ প্রতিবাদত বিদ্যালয় যোৱা নাই বহু ছাত্র‌য়ো । যেতিয়ালৈকে মহিলাসকলৰ বিদ্যালয় নোখোলে তেতিয়ালৈকে তেওঁলোকে শ্ৰেণী বৰ্জন কৰিব বুলি জনাইছে ।

ৱাল ষ্ট্ৰিট জার্নেলে এটা প্ৰতিবেদনত এই খবৰ জনাইছে । ৰোহুল্লাহ নামৰ দ্বাদশ শ্রেণীৰ এজন ছাত্র‌ই ৱাল ষ্ট্ৰিট জার্নেলক জনায়, ‘‘মহিলাসকল সমাজৰ অর্ধেক অংশ । যেতিয়ালৈকে মহিলাসকলৰ বিদ্যালয় নোখোলে তেতিয়ালৈকে আমিও নাযাও। আমাৰ বহু বন্ধুৱে একেই সিদ্ধান্ত লৈছে ।’’

শুকুৰবাৰে তালিবানৰ মুখপাত্র জবিউল্লাহ মুজাহিদে স্থানীয় সংবাদমাধ্যমক জনায় যে মহিলাসকলৰ বিদ্যালয় খোলাৰ পৰিকল্পনা কৰা হৈছে । কিন্তু কেতিয়া বিদ্যালয় খুলিব সেই বিষয়ে তেওঁ কোনো তথ্য নজনাই । জবিউল্লাহে কয়, ‘‘ল’ৰাৰ স্কুল খুলিছে । সকলো ছাত্র আৰু শিক্ষকসকলে শ্ৰেণীত যোৱা উচিত । ছোৱালীৰ স্কুল খোলাৰ বিষয়ত আমি আলোচনা কৰিছো ।’’

একেই ছবি দেখা গৈছে কাবুলৰ বিশ্ববিদ্যালয়তো । নতুন শিক্ষাবর্ষ আৰম্ভ হ’লেও শ্ৰেণীকোঠা প্রায় খালি । ছাত্র-ছাত্রী, অধ্যাপক, কোনো অহা নাই । কাৰণ, মহিলাসকলৰ ক্ষেত্ৰত জাৰি হোৱা তালিবানি ফতোৱা । বিশ্ববিদ্যালয়ত যাবলৈ ছাত্রীসকলক আবায়া আৰু নিকাব পৰিধান কৰাৰ নির্দেশ দিছে তালিবানে । তাৰেই প্রতিবাদ কৰিছে তেওঁলোকে ।

কাবুলৰ ঘাৰজিস্তান বিশ্ববিদ্যালয়ৰ পৰিচালক নুৰ আলী ৰহমানিয়ে সংবাদ সংস্থাক কয়, ‘‘আমাৰ ছাত্র-ছাত্রীসকল তালিবানৰ নির্দেশ মানিবলৈ প্ৰস্তুত নহয় । তেওঁলোক হিজাব পিন্ধিবলৈ প্ৰস্তুত, কিন্তু নিকাব নিপিন্ধে । সেয়ে তেওঁলোক অহা নাই । অধ্যাপকসকলৰো একেই সিদ্ধান্ত । সেই কাৰণে আমি বিশ্ববিদ্যালয় বন্ধ ৰাখিবলৈ বাধ্য হৈছো ।’’

Exit mobile version