পান মছলাৰ বিজ্ঞাপন কৰে কিয়?

অনুৰাগীৰ প্ৰশ্ন উত্তৰত কি ক'লে অমিতাভে

AmitabhBachchan KBC 02112020 screenshot

পান মচলা খােৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক এই কথা সকলােৰে জ্ঞাত। অথচ এনে ক্ষতিকাৰক পান মচলাৰ ব্যাপক প্রচাৰ চলাই আহিছে মহাতাৰকা অভিনেতা অমিতাভ বচ্চনে। কিন্তু কিয় স্বাস্থ্যৰ বাবে ক্ষতিকাৰক পান মচলাৰ বিজ্ঞাপনত জনপ্রিয় অভিনেতাজনে অংশ লৈছিল?

এই সন্দৰ্ভত এজন অনুৰাগীয়ে প্রশ্ন কৰি ফেচবুকত কয়, ‘আপুনি কিয় পান মচলাৰ বিজ্ঞাপনত অংশ লৈছে? আপুনি সকলােৰে আদর্শ? তেন্তে আনৰ স’তে আপােনাৰ পার্থক্য থাকিল ক’ত?’অনুৰাগীজনৰ এই প্রশ্ন উত্তৰ দি অমিতাভে কয়, ‘প্রথমতে ক্ষমা বিচাৰিছাে।

কাৰােবাৰ ব্যৱসায়ৰ ভালৰ বাবে তেওঁৰ কাষত থিয় দিয়াৰ পূর্বে কিয় থিয় দিছাে সেই কথা ভবা নহয়। হয়, অৱশ্যে ব্যৱসায়ৰ দিশৰ পৰা চালে নিজৰ ব্যৱসায়ৰ কথাও আছে। এই বিজ্ঞাপনৰ বাবদ মই ধন লাভ কৰিছাে। অৱশ্যে আপুনি যদি ভাবে যে মই এই কার্য কৰাটো সঠিক নহয়, তেন্তে কওঁ যে আমাৰ উদ্যোগৰ অনেকে এই কাম কৰি আহিছে।’ উল্লেখ্য যে অমিতাভৰ বাদেও অজয় দেৱগণ, শ্বাহৰুখ খান আদি অভিনেতাই পান মচলাৰ বিজ্ঞাপনত অংশ লৈ আহিছে।

Exit mobile version