অৰবিন্দ কেজৰিৱালৰ গোৱাৰ প্ৰতিশ্ৰুতিঃ নিবনুৱাসকলৰ বাবে ভাত্তা, স্থানীয়সকলৰ বাবে সংৰক্ষণ

v11u2m28 arvind kejriwal ndtv

সমাগত নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছক পিছ পেলোৱাৰ চেষ্টা চলাইছে আম আদমি পাৰ্টীয়ে (আপ) । আপ-ৰ প্ৰধান অৰবিন্দ কেজৰিৱালে মঙলবাৰে গোৱাত চাকৰি আৰু নিবনুৱা সম্পৰ্কে সাতটা ঘোষণা কৰিছে ।

মুখ্যমন্ত্ৰী কেজৰিৱালে প্ৰতিশ্ৰুতি দিছে যে, আপ-এ ক্ষমতাত আহিলে দুৰ্নীতিৰ নিষ্পত্তি কৰিব আৰু ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে চৰকাৰী চাকৰিৰ সুযোগ নিশ্চিত কৰিব ।

গোৱাত আজি অৰবিন্দ কেজৰিৱালে দিয়া সাতটা প্ৰতিশ্ৰুতিত আছে তিনি হেজাৰ টকা নিবনুৱা ভাত্তা (কিছু ক্ষেত্ৰত পাঁচ হেজাৰ টকা) আৰু স্থানীয় বাসিন্দাৰ বাবে বেচৰকাৰী খণ্ডত ৮০ শতাংশ স্থান সংৰক্ষণ কৰা ।

কেজৰিৱালে উত্তৰাখণ্ডৰ ভোটাৰকো প্ৰতিশ্ৰুতি দিছে যে, আপ ক্ষমতাত আহিলে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিব আৰু নিশ্চিত কৰিব যে প্ৰতিটো পৰিয়ালৰ একোজন নিবনুৱাক চাকৰি দিয়া হ’ব ।

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ আৰ্থিক ক্ষেত্ৰত ক’ভিড-১৯ৰ প্ৰভাৱ দাঙি ধৰে, গোৱাৰ পৰ্যটন ৰাজসাহায্যৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁ কয় যে, ক্ষতিগ্ৰস্ত মানুহৰ বাবে নিবনুৱা ভাত্তা লগতে, খনি শিল্পৰ নিষেধাজ্ঞাৰ বাবে যিসকলে চাকৰি হেৰুৱাইছে তেওঁলোকক প্ৰতি মাহে পাঁচ হেজাৰ টকাকৈ দিব ।

কেজৰিৱালে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু বিজেপিক কটাক্ষ কৰি কয়, তেওঁলোকৰ নতুন আঁচনি বিনামূলীয়া পানী (ৰাজ্যৰ সৰ্বাধিক ৬০ শতাংশ আৱাসীৰ বাবে) আৰু দুৱাৰমুখত ডেলিভাৰী – কে’বা বছৰৰ পৰা দিল্লীত চলি আছে ।

আপৰ প্ৰধানজনে কয়, ‘ম‌ই শুনিছো (প্ৰমোদ) সাৱন্তে গোৱাত পানী বিনামূলীয়া কৰিছে.. এইটো ভাল খবৰ (কিন্তু) আমি দিল্লীত চাৰি বছৰ আগতেই কৰিছো । ম‌ই শুনিছো সাৱন্তে দুৱাৰমুখত ডেলিভাৰী দিয়াও আৰম্ভ কৰিছে… আমি দিল্লীত তিনি বছৰ আগতেই কৰিছো ।’

কেজৰিৱালে তিনিশ ইউনিট বিনামূলীয়া বিদ্যুৎ (উত্তৰাখণ্ড আৰু পঞ্জাৱৰ ভোটাৰসকলকো প্ৰতিশ্ৰুতি দিছিল আৰু দিল্লীৰ বাসিন্দাসকলৰ ইতিমধ্যে যি আছে তাৰ লগত সামঞ্জস্য ৰাখি) আৰু কয় যে ৰাজ্যৰ খেতিয়কসকলৰ বিদ্যুৎ বিল সম্পূৰ্ণৰূপে চৰকাৰে পৰিশোধ কৰিব । তেওঁ ভোটাৰসকলক ২৪ ঘণ্টা বিজুলী দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে ।

Exit mobile version