ক’ভিশিল্ডৰ দুটা টিকা ল’লে নৱেম্বৰৰ পৰা আমেৰিকা যাব পাৰিব ভাৰতীয়সকলে

0d848f1cd7767a19e5fee1fe92301a8fc72a148e

দুটা টিকা লোৱা থাকিলে অহা নৱেম্বৰৰ পৰা বিমান যাত্রীসকলক প্ৰৱেশ কৰিব দিব আমেৰিকাই । ৩৩খন দেশক ইতিমধ্যে অনুমোদন দিছে তেওঁলোকে । ফ্রান্স, জার্মানি, ইটালিসহ বাকী দেশৰ স’তে ভাৰতো নথিভুক্ত হৈছে এই তালিকাত । ফলত আমেৰিকা যাবৰ বাবে যি সমস্যাৰ সৃষ্টি হৈছিল, তাৰ সমাধান এয়া বুলি ধাৰণা কৰা হৈছে ।

আমেৰিকাই জনায়, এফডিএ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ তালিকাভুক্ত টিকা লোৱা থাকিলে আমেৰিকাত প্ৰৱেশ কৰিব দিয়া হ’ব । এই পর্যন্ত বিশ্ব স্বাস্থ্য সংস্থাৰ তালিকাভুক্ত টিকাৰ ভিতৰত আছে মডার্না, ফাইজাৰ-বায়োএনটেক, জনছন এণ্ড জনছন, অক্সফোর্ড-এষ্ট্ৰাজেনেকা, চীনৰ ছাইনোফার্ম আৰু ভাৰতৰ ক’ভিশিল্ড ।

হোৱাইট হাউছে জনাইছে, যিসকল বিদেশী আমেৰিকাত আহিব ভ্ৰমণৰ আগতে তেওঁলোকৰ টিকাৰ শংসাপত্র প্রমাণ হিচাপে দাখিল কৰিব লাগিব । আমেৰিকাত অহাৰ পাছত এই যাত্রীসকলে নিভৃতবাসত থাকিব নালাগে । ক’ভিশিল্ড টিকা লোৱা যিসকল ভাৰতীয় আমেৰিকাত ভ্ৰমণ কৰিব বুলি ভাবিছে, তেওঁলোকৰ বাবে এইটো সুখবৰ । ক’ভিশিল্ডে আমেৰিকাত অনুমোদন পত্ৰ পাইছে যদিও অনুমোদনৰ বাবে যুঁজি আছে । অহা মাহত হু-ৰ অনুমোদন পোৱাৰ সম্ভাৱনা আছে বুলি দাবী কৰিছে ভাৰত বায়’টেকৰ এজন বিষয়াই ।

Exit mobile version