কাশ্মীৰত দলে দলে অনুপ্ৰৱেশৰ চেষ্টা পাক-সন্ত্ৰাসবাদীৰ ! ৪৮ ঘণ্টা ধৰি সেনা অভিযান অব্যাহত

Security forces 696x392 1

ভাৰত-পাক সীমান্তত নিয়ন্ত্রণৰেখাত অনুপ্রৱেশৰ চেষ্টা কৰিছে সশস্ত্র সন্ত্ৰাসবাদীসকলে । ভাৰতীয় সেনাই তেওঁলোক বাধা দিবলৈ অপ্ৰাণ চেষ্টা কৰিছে । সোমবাৰে সেনাৰ তৰফৰ পৰা এই কথা জনোৱা হয় । সেনা সূত্রে খবৰ, এইটো চলিত বৰ্ষৰ আটাইতকৈ বৃহৎ অনুপ্রৱেশৰ চেষ্টা । প্রায় ৪৮ ঘণ্টা ধৰি কাশ্মীৰৰ নানা প্রান্তত অভিযান চলাইছে ভাৰতীয় সেনাসকলে ।

সেনা কৰ্মীসকলে জনায়, শনিবাৰে নিশা সন্ত্ৰাসবাদীসকলৰ অনুপ্রৱেশৰ চেষ্টা প্রথম লক্ষ্যত পৰে । তাৰ পছৰ পৰা এই নিয়ন্ত্রণৰেখাত সজাগ হৈ আছে সেনাসকল । সোমবাৰৰ পৰাই কাশ্মীৰৰ উৰি ছেক্টৰত ইন্টাৰনেট আৰু ম’বাইল সেৱা বন্ধ কৰি দিয়া হৈছে । শনিবাৰে উৰি আক্ৰমণৰ পঞ্চম বর্ষপূর্তি আছিল । ২০১৬ৰ ১৮ ছেপ্টেম্বৰত উৰিত সন্ত্ৰাসবাদীসকলৰ আত্মঘাতী আক্ৰমণত ১৯ জন ভাৰতীয় সেনাৰ মৃত্যু হৈছিল ।

দিল্লীত কেন্দ্রীয় চোৰাংচোৱাই এক সূত্রৰ পৰা খবৰ পাইছে যে, সন্ত্ৰাসবাদীৰ ছজনীয়া এটা দল পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ সমর্থ হৈছে । তেওঁলোক কোন ঠাইত লুকাই আছে, সেই বিষয়ে এই পৰ্যন্ত সন্ধান পোৱা নাই । সেনাই তেওঁলোকৰ সন্ধান অব্যাহত ৰাখিছে । লগতে, নিয়ন্ত্রণৰেখাৰ সমান্তৰালকৈ সন্ত্ৰাসবাদীসকলৰ বহু লঞ্চপেডো ধ্বংস কৰাৰ দাবী কৰিছে সেনাই ।

সন্ত্ৰাসবাদীসকলে অনুপ্রৱেশেৰ চেষ্টা কৰি থাকোতেও, পাক সেনাই গুলী চলনা কৰা নাছিল বুলি জনায় ভাৰতীয় সেনাৰ তৰফৰ পৰা । এই বিষয়ত লেফটেনেন্ট জেনেৰেল ডিপি পাণ্ডে‌ই কয়, ‘‘এই পৰ্যন্ত কোনো গুলীচালনাৰ ঘটনা সংঘটিত হোৱা নাই । সীমান্তত প্রৰোচনাও দিয়া হোৱা নাই ।’’ তেওঁ লগতে কয়, ‘‘উৰিত অনুপ্রৱেশৰ চেষ্টাৰ বিৰুদ্ধে অভিযান চলিছে । তাত ম’বাইল আৰু ইন্টাৰনেট সেৱা বন্ধ ৰখা হৈছে । আমি সন্ত্ৰাসবাদীসকলৰ সন্ধান উলিওৱাৰ চেষ্টা কৰিছো ।’’

Exit mobile version